ASSAM TIMES POST
ডিফুঃ সোমবাৰে দিল্লীত স্বাক্ষৰ হোৱা ঐতিহাসিক বড়ো চুক্তিক কাৰবি আংলঙৰ ঐক্যবদ্ধ মঞ্চ জইণ্ট একছন কমিটি ফৰ অট’নমাছ ষ্টেট চমুকৈ জাকাছ আৰু একাধিক সংগঠনে আজি ডিফু ৰংথিয়াং স্থিত কেএছএ কাৰ্যালয়ত এক সংবাদ মেলৰ আয়োজন কৰি এই চুক্তিক স্বাগতম জনাইছে৷
নৰেন্দ্ৰমোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন অসম চৰকাৰৰ এনে পদক্ষেপক উচ্চ প্ৰশংসা কৰিছে সংগঠন সমূহে ৷ উক্ত চুক্তিটোৰ জৰিয়তে বড়ো সকলৰ আশা – আকাংখা পূৰণ হোৱাৰ লগতে ৰাজনৈতিক, সামাজিক অৰ্থনৈতিক, সাংস্কৃতিক পৰিচয়ৰ ভেটি মজবুত হ’ল বুলি মন্তব্য কৰে জাকাছৰ অধ্যক্ষ খৰছিং টেৰণে ৷
খৰছিং টেৰণে সাংবাদিকৰ আগত কয়যে, বড়ো সকললৈ সম্মান জনাই যিদৰে ঐতিহাসিক বড়ো চুক্তি স্বাক্ষৰিত কৰি ইয়াক সু ৰূপায়ণ কৰা হ’ল তেনেদৰে একে দায়িত্ব পালন কৰি কাৰবি আংলং জিলাৰ দীৰ্ঘদিনীয়া দাবী ভাৰতীয় সংবিধানৰ অনুশ্চেদ ২৪৪(ক)ৰ ৰূপায়ণ কৰিলে কাৰবি আংলঙবাসীৰ আশা- আকাংখা পূৰণ হব ৷
২৪৪(ক) ৰূপায়ণ কাৰবি আংলঙত বিজেপিৰ নিৰ্বাচনোত্তৰ প্ৰতিশ্ৰুতি ৷ ইয়াৰোপৰি ২০১০ চনত সহস্ৰ সংগঠন কেএনএলএফৰ সৈতে হোৱা ত্ৰিপাক্ষিক শান্তি আলোচনাকো চোঁচৰাই নিনিয়াকৈ শীঘ্ৰে গুৰুত্ব প্ৰদান কৰাৰ লগতে জিলাখনৰ আলোচনাপন্থী আন দুটা উগ্ৰপন্থী সংগঠন ইউপিএলএ আৰু কেপিএলটিৰ সৈতে আলোচনাক তৰাণ্বিত কৰি অসমৰ ভিভাজন ননাকৈ স্বায়ত্ত ৰাজ্য প্ৰদান কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰলৈ আহ্বান জনাইছে জাকাছৰ হৈ খৰছিং টেৰণে ৷ আজিৰ সংবাদমেলতে জাকাছৰ সহযোগী সংগঠন কেএছএ, কেএছৱাইচ্,কেএছইউ,কেএফএ কেএনএ আৰু কেএৱাইএ উপস্থিত থাকে৷












