ASSAM TIMES POST
ডিফুঃ আজিৰে পৰা ডিফুত চাৰিদিনীয়াকৈ আৰম্ভ হৈছে বাছাপী টেৰণপী সোঁৱৰণি তৃতীয় সদৌ কাৰবি আংলং ইণ্টাৰ ছাব এছ’ছিয়েছন বেডমিন্টন চেম্পিয়ণশ্বীপ ৷ কাৰবি আংলং জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত কাছাৰ ইনড’ৰ ষ্টেডিয়াম প্ৰাঙ্গনত চেম্পিয়ণশ্বীপটিৰ শুভ উদ্ধোধন কৰে চেম্পিয়ণশ্বীপৰ দাতা ,কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা অসম বেডমিণ্টন সন্থাৰ উপসভাপতি তুলিৰাম ৰংহাঙে৷

ইয়াৰ পূৰ্বে প্ৰয়াত বাছাপী টেৰণপীৰ প্ৰাতিকৃতিত পুষ্পাঞ্জলী আৰু বন্তি প্ৰজলনেৰে গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয় আৰু খেলুৱৈ সকলক মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সৈতে পৰিচয় কৰাই দিয়া হয়৷
মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সাংবাদিকৰ আগত কয়যে, কাৰবি আংলং ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু তেওঁৰ মাতৃৰ সোঁৱৰণত কাৰবি আংলঙৰ মাজত ক্ৰীড়াৰ প্ৰতি অনুপ্ৰেৰণাৰ বাবে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে৷ বিজয়ী সকলক মানপত্ৰ, ট্ৰফী আৰু নগদ ধনেৰে সম্মানিত কৰা হব বুলিও তেওঁ সাংবাদিকক জানিবলৈ দিয়ে৷













