অযোধ্যাৰ ৰাম মন্দিৰৰ (Ram Mandir) মুখ্য পুৰোহিতৰ শাৰীৰিক অৱস্থা সংকটজনক। বৰ্তমান তেওঁ লক্ষ্ণৌৰ সঞ্জয় গান্ধী হাস্পতালত চিকিৎসাধীন হৈ আছে। চিকিৎসালয় কৰ্তৃপক্ষই জনোৱা মতে, ষ্ট্ৰোকত আক্ৰান্ত হোৱাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

সোমবাৰে সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে, প্ৰধান পুৰোহিত মহন্ত সত্যেন্দ্ৰ দাসে অসুস্থ অনুভৱ কৰাত তেওঁক সংকটজনক অৱস্থাত সঞ্জয় গান্ধী স্নাতকোত্তৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত ভৰ্তি কৰা হয়।
অশীতিপৰ পুৰোহিতগৰাকীক প্ৰাথমিক চিকিৎসাৰ অন্তত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। দীৰ্ঘদিন ধৰি ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ ৰোগত তেওঁ আক্ৰান্ত হৈ আছিল।
কিন্তু দেওবাৰে নিশা তেওঁৰ হঠাৎ সমস্যাৰ সৃষ্টি হয়। বৰ্তমান তেওঁ চিকিৎসালয়খনৰ এইচ ডি ইউ বিভাগত ভৰ্তি হৈ আছে। চিকিৎসালয়ৰ মতে, তেওঁ এতিয়াও সংকটমুক্ত নহয়। অৱশ্যে চিকিৎসকৰ সকলো নিৰ্দেশ পালন কৰি থকা বাবে তেওঁ বৰ্তমান কিছু সুস্থিৰ।
উল্লেখ্য যে ১৯৯২ চনৰ ৬ ডিচেম্বৰত মহন্ত সত্যেন্দ্ৰ দাসে অস্থায়ী ৰাম মন্দিৰৰ পুৰোহিতৰ দায়িত্ব গ্ৰহণ কৰিছিল। সেই সময়তে বাবৰি মছজিদ ভাঙি পেলোৱা হৈছিল। মহন্ত সত্যেন্দ্ৰ দাসৰ বয়স তেতিয়া আছিল মাত্ৰ ২০ বছৰ। তেতিয়াই তেওঁ আধ্যাত্মিকতাৰ জীৱন বাছি লৈছিল।
পিছত তেওঁ নিৰ্বাণ আখৰাত যোগদান কৰে। অযোধ্যা বিশ্ব হিন্দু পৰিষদৰ মুখপাত্ৰ শৰদ শৰ্মাই পিটিআইক জনোৱা মতে, অযোধ্যা আন্দোলনৰ ইতিহাস জনাসকলৰ ভিতৰত মহন্ত সত্যেন্দ্ৰ দাস অন্যতম। তেখেতৰ আশু আৰোগ্য কামনা কৰি সোনকালে সুস্থ হৈ উঠাৰ বাবেও প্ৰাৰ্থনা জনায়।