ASSAM TIMES POST
নিউজ ডেস্ক
এইবাৰ ৰাজ্যত গঠন হ’ল কণ্ঠশিল্পী সমাজৰ নতুন সংগঠন। জুবিন গাৰ্গক সভাপতি হিচাপে লৈ গঠন হোৱা এই নতুন সংগঠনটো হৈছে কণ্ঠশিল্পী সমাজ, অসম। নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰ সময়ত একত্ৰিত হোৱা কণ্ঠশিল্পীসকলক লৈ মহানগৰীৰ শ্ৰদ্ধাঞ্জলি কাননত সোমবাৰে ৰাজ্যৰ জ্যেষ্ঠ আৰু কনিষ্ঠ প্ৰায় শতাধিক কণ্ঠশিল্পীৰ উপস্থিতিত গঠিত হয় এই নতুন সংগঠনটো।
আনহাতে, কণ্ঠশিল্পী সমাজ, অসমৰ সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়া হয় মানস ৰবীনক। মুখ্য উপদেষ্টা হিচাপে আছে জ্যেষ্ঠ শিল্পী জে পি দাস, পুলক বেনাৰ্জী, ভূপেন উজীৰ। উল্লেখ্য যে ‘কা’বিৰোধী আন্দোলনৰ সকলো সিদ্ধান্ত ল’ব নতুন সংগঠনটোৱে। সংগঠনটো গঠনৰ পিছত শিল্পীসকলে কয় যে পূৰ্বতকৈ অধিক তীব্ৰতৰ হ’ব ‘কা’বিৰোধী আন্দোলন।
উল্লেখ্য যে সংগঠনটোৱে অসমৰ জাতীয় সমস্যাক লৈ মাত মাতি যোৱাৰ লগতে শিল্পীসকলৰ সমস্যাক লৈয়ো মাত মাতিব।













