ASSAM TIMES POST
বিশেষ প্ৰতিবেদন
এইবাৰ পোছাক বিতৰ্কত সোমাই পৰিছে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা। নিজে পৰিধান কৰা পোছাকক লৈ ছ’চিয়েল মিডিয়াত তীব্ৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে বলীউডৰ অভিনেত্ৰীগৰাকী। উল্লেখ্য যে দেওবাৰে অনুষ্ঠিত হৈছিল গ্ৰেমী এৱাৰ্ডছ ২০২০ অনুষ্ঠান। উক্ত অনুষ্ঠানত অংশগ্ৰহণৰ সময়ত প্ৰিয়ংকাই পিন্ধা পোছাকক লৈ এতিয়া চলিছে সৰৱ চৰ্চা।

কিন্তু, ছ’চিয়েল মিডিয়াত তীব্ৰ সমালোচনাৰ সন্মুখীন হ’লেও কেইবাগৰাকীও আন্তঃৰাষ্ট্ৰীয় ফেশ্বন আইকনে প্ৰিয়ংকাৰ এই পোছাক পছন্দ কৰিছে। ইয়াৰ বিপৰীতে অৱশ্যে আন একাংশই ‘দেশী গাৰ্ল’ৰ এই লুকক লৈ আৰম্ভ কৰিছে ট্ৰ’ল। উল্লেখ্য যে উক্ত বঁটা প্ৰদান অনুষ্ঠানত প্ৰিয়ংকা চোপ্ৰা উপস্থিত আছিল স্বামী নিক জোনাছৰ সৈতে।

প্ৰিয়ংকাই নিকৰ সৈতে গ্ৰেমী এৱাৰ্ড-২০২০ৰ ৰেড কাৰ্পেটত ফেশ্বন ডিজাইনাৰ ৰাল্ফ এণ্ড ৰুছ’ৱে ডিজাইন কৰা পোছাকৰ সৈতে প্ৰৱেশ কৰিছিল।
তেওঁ পৰিধান আইভৰী হোৱাইট গাউনটোৰ বিশেষত্ব আছিল ইয়াৰ অধিক দীঘল নেকলাইন। এই নেকলাইনৰ বাবে প্ৰিয়ংকাৰ বক্ষ প্ৰায় অনাবৃত হৈ পৰিছিল, যাক লৈ প্ৰিয়ংকাক ট্ৰ’ল কৰা আৰম্ভ কৰে একাংশই।

বঁটা প্ৰদান অনুষ্ঠানলৈ যোৱাৰ পূৰ্বে উক্ত পোছাকত প্ৰিয়ংকাই নিজৰ ফটো ইনষ্টাগ্ৰামতো শ্বেয়াৰ কৰে। কিন্তু প্ৰিয়ংকাৰ এই আজৱ বেশভূষাক লৈ বিভিন্নজনে বিভিন্নধৰণৰ সমালোচনামূলক মন্তব্য কৰে। আনকি বহুতে ইয়াক ফেশ্বন নে নগ্নতা বুলিও সমালোচনা কৰে।
অৱশ্যে ইয়াৰ মাজতে কিছুসংখ্যক লোকে প্ৰিয়ংকাৰ পক্ষত থিয় দি প্ৰিয়ংকাক সমৰ্থন জনায়। তেওঁলোকৰ মন্তব্য, যিয়ে যি ভাল পায় তাক পিন্ধিব দিব লাগে।













