
আৰক্ষীৰ এনকাউণ্টাৰ (Police encounter)ত উত্তৰ প্রদেশ (Uttar Pradesh)ত নিহত ‘ম’ষ্ট ৱান্টেড’ (Killed ‘Most Wanted’) দুষ্কৃতিকাৰীসহ চাৰিজন। বাকি তিনিজন উক্ত দুষ্কৃতিকাৰীজনৰ সঙ্গী বুলি আৰক্ষীয়ে জনাইছে। সোমবাৰে মাজনিশা ৰাজ্যিক আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চ চমুকৈ এছটিএফে ছামলিৰ ঝিনঝিনা অঞ্চলত অভিযান চলায় যায়। গোপন সূত্রৰ ভিত্তিত এছটিএফে খবৰ পায় যে ঝিনঝিনা অঞ্চলত ‘ম’ষ্ট ৱান্টেড’ দুষ্কৃতিকাৰী মুস্তাফা কাগ্গা (Mustafa Kagga) আৰু তেওঁৰ সঙ্গীসকলে আশ্রয় লৈছে। সেই খবৰ লাভ কৰি সোমবাৰে নিশা অভিযানত নামে আৰক্ষী। তেতিয়াই তেওঁলোকক লক্ষ্য কৰি গুলী চলাবলৈ আৰম্ভ কৰে কাগ্গা আৰু তেওঁৰ সঙ্গীসকলে।

দুয়োপক্ষ গুলিয়াগুলীত চাৰি দুষ্কৃতিকাৰী নিহত হয়। এজন আৰক্ষীও আহত হয়। আৰক্ষীৰ সূত্র অনুসৰি, কাগ্গাৰ উপৰি সংঘর্ষত নিহত বাকী তিনিজন হৈছে আৰশাদ, মনজিৎ আৰু সতীশ। ৰাজ্যিক আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান (আইন-শৃঙ্খলা) অমিতাভ যশে সংবাদ সংস্থা পিটিআইক জনাইছে, নিশাৰ ভাগতে এছটিএফে খবৰ পায় যে কাগ্গাই সদলবলে ঝিনঝিনা অঞ্চলত (Jhinjhena region) আছে। তাৰ পিছতেই এছটিএফ তাত উপস্থিত হওঁতেই সংঘৰ্ষ আৰম্ভ হয়। এছটিএফক লক্ষ্য কৰি গুলীচালনা কৰে কাগ্গাই। দুয়োপক্ষৰ সংঘৰ্ষত কাগ্গা আৰু তিনি সঙ্গী গুৰুতৰভাৱে আহত হয়। তেওঁলোকক উদ্ধাৰ কৰি হস্পিটেললৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
আৰক্ষীয়ে লগতে জনাইছে, কাগ্গাৰ বিৰুদ্ধে বহুকেইটা হত্যা আৰু ডকাইতিৰ গোচৰ আছে। আৰক্ষীৰ ওচৰত ‘ম’ষ্ট ৱান্টেড’ তালিকাত থকা কাগ্গাৰ মূৰৰ দাম ১ লাখ টকা ধার্য কৰা হৈছিল।











