ASSAM TIMES POST
বিশেষ প্ৰতিবেদক
‘কা’ জাতিবিৰোধী নহয়, হীৰেন গোঁহাই জাতিবিৰোধী। হীৰেন গোঁহায়ে যি কয় তাৰ ওলোটাতো কৰিব লাগে। তেওঁ যদি ক’লা বুলি কয় আপোনালোকে বগা বুলি ক’ব লাগে। এই মন্তব্য ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। আজি দিছপুৰত আয়োজিত এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে, বড়ো চুক্তি সন্দৰ্ভত হিমন্ত বিশ্বই কয়, “বড়ো শান্তি চুক্তিৰ জৰিয়তে বড়ো সমাজে তেওঁলোকৰ দীৰ্ঘদিনীয়া আন্দোলনৰ ফল লাভ কৰিলে। বিটিচিৰ ভিতৰত পূৰ্বতে বহু অবড়ো গাঁও অন্তৰ্ভুক্ত হৈছিল। এতিয়া আৰু নতুন বড়ো গাঁও অন্তৰ্ভুক্ত হ’ব। বিটিএডিত অন্তৰ্ভুক্ত অবড়ো গাঁওসমূহ এতিয়া কৰ্তনৰ বাবে তেওঁলোকে আয়োগৰ ওচৰত দাবী উত্থাপন কৰিব পাৰিব।”
তেওঁ লগতে কয়, “এইবাৰৰ চুক্তিখন এখন পূৰ্ণাংগ চুক্তি। কিয়নো পূৰ্বৰ চুক্তি দুখনত এনডিএফবি আৰু এবছুৱে স্বাক্ষৰ কৰা নাছিল। এইবাৰ দুয়োটা সংগঠনে চুক্তিত স্বাক্ষৰ কৰিছে। প্ৰমোদ বড়োৱে পৃথক বড়োলেণ্ডৰ দাবী প্ৰত্যাহাৰ কৰিছে। এই চুক্তিৰ জৰিয়তে বিটিচিৰ সামগ্ৰিক উন্নয়ন ত্বৰান্বিত হ’ব।”
মন্ত্ৰী হিমন্ত বিশ্বই কয়, “বড়ো শান্তি চুক্তিয়ে বড়োলেণ্ডলৈ স্থায়ী শান্তিৰ বাতাবৰণ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ১৯৬৬ চনৰ পৰা আৰম্ভ হোৱা বড়ো আন্দোলনৰ সফল সমাপ্তি ঘটালে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে। চাৰি হাজাৰ লোকে প্ৰাণ আহুতি দিলে বড়ো আন্দোলনত। পূৰ্বৰ দুয়োখন চুক্তিতকৈ পৃথক বৰ্তমান স্বাক্ষৰিত চুক্তিখন।” বড়ো চুক্তিয়ে অবড়োসকলৰ বাবেও আশাৰ বতৰা কঢ়িয়াই অনা বুলি উল্লেখ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে, এনডিএফবি সংগঠন সম্পূৰ্ণভাৱে ভংগ হোৱা বুলি উল্লেখ কৰি তেওঁ কয়, “অহা ৩০ জানুৱাৰীত এনডিএফবিয়ে মুখ্য মন্ত্ৰীৰ উপস্থিতিত আনুষ্ঠানিকভাৱে অস্ত্ৰ সম্বৰণ কৰিব। গুৱাহাটী বা ওদালগুৰিত হ’বলগা এখন বিশেষ সভাত প্ৰায় ১৫০০কৈও অধিক কেডাৰে অস্ত্ৰ সম্বৰণ কৰিব।” লগতে অহা ৭ ফেব্ৰুৱাৰীত অসম চৰকাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক বড়ো শান্তি চুক্তিক আৰ্শীবাদ দিবলৈ অসমলৈ আমন্ত্ৰণ জনোৱা বুলিও উল্লেখ কৰে।













