এজন অটো চালকসহ তিনিজন যুৱকৰ বিৰুদ্ধে পথৰ কাষত ভিক্ষা খোজা এগৰাকী কিশোৰীক অপহৰণ কৰি (Gang Rape) দলবদ্ধভাৱে বলাৎকাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। কিশোৰীগৰাকীক খাদ্যৰ প্ৰলোভন দেখুৱাই অপহৰণ কৰা হৈছিল বুলি অভিযোগ কৰা হৈছে।

ইফালে ধৰ্ষণৰ পিছত গৰ্ভৱতী হোৱাৰ বাবে তেওঁক গৰ্ভপাত কৰিবলৈও বাধ্য কৰোৱাৰ অভিযোগ। শুকুৰবাৰে এই অভিযোগত আৰক্ষীয়ে তিনিজন লোকক গ্ৰেপ্তাৰ কৰে।
ঘটনাটো সংঘটিত হৈছে হাৰিয়ানাৰ ফৰিদাবাদত। জিলা শিশু সুৰক্ষা বিভাগৰ এজন কৰ্মচাৰীৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত এক গোপন সূত্ৰৰ জৰিয়তে আৰক্ষীয়ে তিনিজন লোকক গ্ৰেপ্তাৰ কৰে। খবৰ অনুসৰি ১৬ বছৰীয়া কিশোৰীগৰাকীয়ে ফৰিদাবাদৰ ৰাস্তাৰ কাষত ভিক্ষা কৰি আছিল।
তেওঁৰ পৰিয়ালত আছিল নিচাসক্ত পিতৃ আৰু তেওঁৰ কনিষ্ঠ ভাতৃ। কিশোৰীগৰাকীয়ে ভিক্ষা কৰি কৰা উপাৰ্জনেৰে তিনিটা পৰিয়াল পোহ-পাল গৈছিল। আনহাতে, তেওঁৰ পৰিচিত এজন অটোচালকে প্ৰায়ে তেওঁক খাদ্য পৰিবেশন কৰিছিল। তেৱোঁ দলবদ্ধ ধৰ্ষণৰ ঘটনাটোত জড়িত থকা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।
ঘটনাৰ বিৱৰণী অনুসৰি, কেইদিনমান পূৰ্বে কিশোৰীগৰাকীয়ে তেওঁৰ ভাতৃক বিচাৰি পোৱা নাছিল। অভিযোগ অনুসৰি, অটোচালকজনে তেওঁৰ ভাতৃক বিচাৰি দিয়া আৰু তেওঁক খাদ্য যোগান ধৰিব বুলি অটোত উঠিব দিছিল। কিশোৰীগৰাকী অটোত উঠাৰ পিছত তেওঁক এটা ঘৰলৈ লৈ যোৱা হৈছিল।
তাত অটোচালকজন আৰু তেওঁৰ এজন সহযোগীয়ে মিলি কিশোৰীগৰাকীক একাধিকবাৰ ধৰ্ষণ কৰে। তাৰ পিছত এজন চুবুৰীয়াও তেওঁক ধৰ্ষণ কৰে। আনহাতে, ধৰ্ষণকাৰী তিনিওজনে এই ঘটনাটোৰ বিষয়ে কাকো নক’বলৈ ভাবুকি দিছিল।
আৰক্ষীয়ে জনোৱা অনুসৰি, কিশোৰীগৰাকীক কেইদিনমান পূৰ্বে পুনৰ মাতি অনা হৈছিল। শাৰীৰিক পৰীক্ষাৰ পিছত দেখা গৈছিল যে তেওঁ গৰ্ভৱতী আছিল। তাৰ পিছত তেওঁৰ গৰ্ভপাত কৰোৱা হৈছিল। কিন্তু গৰ্ভপাতৰ ফলত তেওঁৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটে।
তাৰ পিছত এই কথা শিশু সুৰক্ষা বিভাগে জানিব পাৰে। লগে লগে বিভাগটোৰ কৰ্মচাৰী প্ৰদীপ কুমাৰে তিনিওজন অভিযুক্তৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰে। কিশোৰীগৰাকীৰ বক্তব্যও লিপিবদ্ধ কৰা হয়। শুকুৰবাৰে এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তিনিজন লোকক গ্ৰেপ্তাৰ কৰে।
তিনিওজন অভিযুক্তৰ বিৰুদ্ধে পক্সো আইনৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও ধাৰাও লগতে যোগ কৰা হৈছে। আৰক্ষীয়ে অভিযুক্তক জেৰা কৰি আছে।