
মধ্যপ্ৰদেশত মহিলাৰ কণ্ঠস্বৰ নকল কৰি শতাধিক লোকক লাখ টকাৰ প্ৰতাৰনা কৰাৰ অভিযোগ উত্থাপিত হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, চাইবাৰ অপৰাধীয়ে (Cyber Crime) ১৫৮ জন লোকক প্ৰতাৰণা কৰে। তাৰ পিছত তেওঁলোকক ব্লেকমেইল কৰি ধন আত্মসাত কৰে।

শেহতীয়াকৈ, ইন্দোৰত এনে ধৰণৰ কেইবাটাও অভিযোগ দাখিল কৰা হৈছে। অভিযোগকাৰীসকলৰ ভিতৰত আছে শিক্ষাৰ্থী, ব্যৱসায়ী আৰু ব্যক্তিগত কোম্পানীৰ কৰ্মচাৰী। আৰক্ষীৰ সূত্ৰ অনুসৰি, চাইবাৰ অপৰাধীসকলে ‘ভইচ চেঞ্জাৰ’ এপৰ জৰিয়তে তেওঁলোকৰ কণ্ঠস্বৰ সলনি কৰিছিল।
তেওঁলোকে মহিলাৰ কণ্ঠস্বৰ অনুকৰণ কৰিছিল আৰু চিকাৰ ধৰিবলৈ ৱাটছএপ কল ব্যৱহাৰ কৰিছিল। তেওঁলোকে ৱাটছএপ কলৰ জৰিয়তে কথা পাতিছিল আৰু তাৰ পিছত এই লোকসকলৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল। এজন অনুসন্ধানকাৰী বিষয়াই জনায় যে বন্ধুত্ব ঘনিষ্ঠ হোৱাৰ লগে লগে ব্যক্তিজনক ব্যক্তিগত কথোপকথনৰ প্ৰলোভন দিয়া হৈছিল।
তাৰ পিছত ব্যক্তিগত মুহূৰ্ত আৰু ভিডিঅ’বোৰ লেনদেনৰ পৰ্যায়ত উপনীত হোৱাৰ লগে লগে ব্লেকমেইল আৰম্ভ হৈছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি, চাইবাৰ অপৰাধীসকলে কেইবামাহ ধৰি ১৫৮ জন লোকৰ পৰা ধন সংগ্ৰহ কৰিছে। আৰক্ষীয়ে কিছুমান অভিযোগকাৰীৰ সৈতে কথা পাতি অপৰাধীসকলক চিনাক্ত কৰিবলৈ চেষ্টা কৰি আছে।











