ASSAM TIMES POST
নিউজ ডেস্ক
সংশোধিত নাগৰিকত্ব আইন (চিএএ)প্রত্যাহাৰ আৰু ৰাষ্ট্ৰীয় জনসংখ্যাপঞ্জী (এনপিআৰ), ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি)ৰ দৰে প্রক্রিয়া আৰম্ভ নকৰাৰ দাবী উত্থাপন কৰি প্রস্তাৱ গ্ৰহণ কৰা হ’ল পশ্চিমবঙ্গ বিধানসভাত। কেৰালা, পঞ্জাব, ৰাজস্থানৰ পিছত এইবাৰ পশ্চিমবংগত গৃহীত হ’ল চিএএ-বিৰোধী প্রস্তাৱ।
ৰাজ্যৰ পৰিষদীয় মন্ত্রী পার্থ চট্টোপাধ্যায়ে বিধানসভাত এই প্রস্তাৱ উত্থাপন কৰে। অৱশ্যে বাম আৰু কংগ্রেছ বিধায়কসকলে এই প্রস্তাৱত সংশোধনী অনাৰ পক্ষত প্ৰশ্ন উত্থাপন কৰে। কিন্তু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সংশোধনী নানিবৰ বাবে দুয়ো দলৰ বিধায়কসকলৰ ওচৰত আর্জি জানোৱা হয়। আনহাতে, প্রথমৰ পৰাই প্রস্তাৱৰ বিৰোধিতা কৰি আহিছে বিজেপিয়ে। শেষ মুহূৰ্তত ধ্বনি ভোটত এই প্রস্তাৱ গৃহীত হয়।
প্রস্তাৱত কোৱা হৈছে, প্রধান মন্ত্রীয়ে জনাইছে যে নাগৰিকত্ব আইনৰ দ্বাৰা কোনো নাগৰিকৰ নাগৰিকত্ব কাঢ়ি লোৱা নহ’ব। এই আইনত তেনে কোনো উল্লেখ নাই। যিটোৱে নাগৰিকসকলৰ মাজত এক বিভ্রান্তি সৃষ্টি কৰিছে। সেয়ে ৰাজ্য চৰকাৰৰ মাধ্যমেৰে কেন্দ্রীয় চৰকাৰৰ ওচৰত দাবী জনোৱা হৈছে যে, চিএএ বাতিল আৰু এনপিআৰ, এনআৰচি প্রত্যাহাৰৰ বাবে প্রয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব। এই প্রস্তাৱত আৰু কোৱা হৈছে, চিএএ-ৰ সহায়ত কেন্দ্রৰ শাসকীয় দলে ধর্মৰ নামত দেশৰ লোকসকলৰ মাজত বিভেদৰ সৃষ্টি কৰিছে। মানৱাধিকাৰক ধ্বংস কৰাৰ প্রচেষ্টা চলিছে। ফলত পশ্চিমবঙ্গসহ দেশৰ প্রতিখন ৰাজ্যত চৰম অস্থিৰতা সৃষ্টি হৈছে।
উল্লেখ্য যে বিগত ৬ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিৰুদ্ধে প্রস্তাৱ গ্ৰহণ কৰিছিল পঞ্জাবৰ ৰাজ্যিক বিধানসভাই। সেই প্রস্তাৱত কোৱা হৈছিল, এনআৰচি প্ৰস্তুতৰ নামত বৈধ ভাৰতীয় নাগৰিকসকলক হৰাশাস্তি কৰা হৈছে। ৰাজ্যখনত কোনো প্ৰকাৰেই এনআৰচি আৰম্ভ কৰা নহ’ব, সেই প্রস্তাৱো গৃহীত হৈছিল।













