ASSAM TIMES POST
বিশেষ প্ৰতিবেদক
আজি দিল্লীত স্বাক্ষৰিত হয় বহু চৰ্চিত বড়ো শান্তি চুক্তি৷ ভাৰত চৰকাৰৰ হৈ গৃহমন্ত্ৰী অমিত শ্বাহ, অসম চৰকাৰৰ হৈ মুখ্য সচিব আৰু বড়ো নেতৃবৰ্গৰ হৈ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, এবছুৰ সভাপতি প্ৰমোদ বড়ো আৰু এনডিএফবিৰ চাৰিটা গোটৰ মাজত এই চুক্তি স্বাক্ষৰিত হয়৷
বড়ো চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত এতিয়া সৃষ্টি হৈছে ভিন্ন প্ৰতিক্ৰিয়াৰ৷ বড়ো দল-সংগঠন তথা জনসাধাৰণে এই চুক্তিক আদৰণি জনোৱাৰ লগতে বিটিএডিত বাস কৰা অবড়ো লোকসকলে প্ৰকাশ কৰিছে মিশ্ৰিত প্ৰতিক্ৰিয়া৷ এই সন্দৰ্ভত আজি অবড়ো সুৰক্ষা সমিতিয়ে সম্বোধন কৰে এক সংবাদমেল৷ সংবাদমেলত উপস্থিত থাকে অবড়ো সুৰক্ষা সমিতিৰ নেতৃবৰ্গৰ লগতে কেকৰাঝাৰৰ সাংসদ নৱ শৰণীয়া৷
বড়ো শান্তি চুক্তি সম্পৰ্কত মন্তব্য কৰি সংবাদমেলত নৱ শৰণীয়াই কয়, “স্বাক্ষৰিত বড়ো শান্তি চুক্তি ৰাজনৈতিক ষড়যন্ত্ৰৰ অংশ। একতাৰ যাত্রাত চুক্তিয়ে বৈষম্যৰ সৃষ্টি কৰিলে আদালতৰ দ্বাৰস্থ হোৱাৰ লগতে বিকল্প ৰাজনৈতিক প্ৰচেষ্টা অধিক তীব্ৰ হব৷” সাংসদগৰাকীয়ে লগতে কয়, “স্বাক্ষৰিত বড়ো শান্তি চুক্তিয়ে উগ্ৰপন্থী সমস্যা সমাধান কৰিব। অবড়োসকলৰ বাবে নতুন দিন উদয় হ’ব। কাৰণ অনাগত দিনত আমি কিছুমান নতুন উদ্দেশ্য লৈ ৰাইজৰ মাজলৈ যাব পাৰিম৷”
স্বাক্ষৰিত চুক্তিত সংবিধান সংশোধন কৰি নতুন ব্যৱস্থা ননাটো ভাল কথা বুলি উল্লেখ কৰি শৰণীয়াই লগতে কয়, “বড়ো চুক্তি পুনৰীক্ষণ কৰি ৰাইজৰ সমস্যা সমাধান কৰিব পাৰিম। আজি আমাৰ বাবে দুখৰ দিন যদিও সুখৰ আৰম্ভণি হ’ব। অবড়োসকল হতাশ নহ’ব৷”
আনহাতে, বিজেপিৰ দিন শেষ হ’বলৈ আগবাঢ়িছে বুলি উল্লেখ কৰি শৰণীয়াই কয়, “হাগ্ৰামা ইজ দ্য বেষ্ট জকাৰ। ছাড়া গৌড়া, বি বিদায়হঁতৰ কান্ধত বন্দুক থৈ ২০২১ৰ বৈতৰণী পাৰ হ’ব বিচাৰিছে৷”
আনহাতে, একেখন সংবাদমেলতে অবড়ো সুৰক্ষা সমিতিৰ উপদেষ্টা ব্ৰজেন মহনে কয়, “অসমবাসী, বিটিচিবাসীৰ বাবে আজিৰ দিনটো ক’লা দিন। ভয়াৱহ চুক্তি এখন কাৰ্যকৰী হ’বলৈ গৈছে৷”
নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এনডিএ চৰকাৰে বন্দুকৰ জয়যাত্ৰাক স্বীকৃতি দিছে বুলি উল্লেখ কৰি উপদেষ্টা মহনে কয়, “যাক দিব লাগিছিল ফাঁচি, আজি তাকে ৰাজ আতিথ্যত ৰাজমুকুট পিন্ধাবলৈ লৈ গৈছে৷”
বন্দুকৰ জোৰত যদি শান্তি চুক্তি হয় তেন্তে আজিৰ ডেকাচামে গণতন্ত্ৰক কেনেকৈ বিশ্বাস কৰিব বুলি প্ৰশ্ন কৰি মহনে লগতে কয়, “বিটিএডিৰ মানুহ এতিয়া ২০০৩ চনতে বহি থকা নাই। প্ৰমোদ বড়ো, চাওৰাইগ্ৰা, বি বিদাইৰ কান্ধত বন্দুক থৈ বিজেপি আৰু হাগ্ৰামাই যে নিৰ্বাচনৰ বৈতৰণী পৰা হ’ব বিচাৰিছে সেয়া সকলোৱে বুজি পাইছে৷”
আনহাতে, শান্তি চুক্তি চেষ্টা কেৱল বড়োসকলক লৈয়ে কৰা হৈছে। গৰিষ্ঠ সংখ্যক অবড়োক অন্ধকাৰত ৰখা হৈছে৷ গতিকে এই চুক্তি কোনো কাৰণতে মানি লোৱা নহ’ব বুলি সংবাদমেলত স্পষ্ট কৰি দিয়ে অবড়ো সুৰক্ষা সমিতিৰ সভাপতি ললিত হেমব্ৰুমে। তেওঁ লগতে চৰকাৰক আহ্বান জনায়, এইখন যাতে চূড়ান্ত চুক্তি কৰা নহয়৷ অবড়ো সংগঠনৰ সৈতে আলোচনা কৰিহে চূড়ান্ত চুক্তি কৰিব লাগিব।
ইফালে চুক্তি সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম সাহিত্য সভাই নিজৰ মতামত প্ৰকাশ কৰিব লাগে বুলিও সংবাদমেলৰ জৰিয়তে আহ্বান জনায় অবড়ো সুৰক্ষা সমিতিয়ে।













