ASSAM TIMES POST
বিশেষ প্ৰতিবেদক
আজি স্বাক্ষৰিত হয় বহু চৰ্চিত ত্ৰিপাক্ষিক বড়ো শান্তি চুক্তি৷ ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বড়ো নেতৃবৃন্দৰ মাজত স্বাক্ষৰিত হোৱা এই চুক্তিখনক লৈ এতিয়া স্বাভাৱিকতে সৃষ্টি হৈছে বিটিএডিত এক উৎসৱমুখৰ পৰিৱেশৰ৷ অৱশ্যে চুক্তিখনক লৈ বড়ো জনসাধাৰণ উৎফুল্লিত হ’লেও বিটিএডিত বাস কৰা অনাবড়ো লোকসকল যেন নিশ্চিত হ’ব পৰা নাই তেওঁলোকৰ ভৱিষ্যতৰ প্ৰসংগক লৈ৷ ইয়াৰ মাজতে আজি চুক্তি স্বাক্ষৰ কৰা দিনটোত বিটিএডি বন্ধৰ আহ্বান জনায় অনাবড়ো বিভিন্ন দল-সংগঠনে৷
প্ৰত্যাশিতভাৱেই বিটিএডি এলেকাত বহুদিনীয়া এক সমস্যাৰ সমাধান হোৱাৰ শুভ মুহূৰ্তত বিভিন্ন বড়ো দল-সংগঠন তথা ৰাইজে আজি যেন এক প্ৰকাৰ আবতৰীয়া দেৱালী উদ্যাপন কৰে৷ আৰু আজিৰ এই বড়ো চুক্তিৰ বিজয় উৎসৱ হিচাপে অহা ৭ ফেব্ৰুৱাৰীত আয়োজন কৰা হৈছে এক বিশেষ অনুষ্ঠানৰ৷ ইতিমধ্যে এই অনুষ্ঠানত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত থাকিব বুলি নিশ্চিতি প্ৰদান কৰিছে৷
বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন-২০১৯ বলপূৰ্বকভাৱে দেশ তথা অসমত জাপি দিয়াৰ পিছত প্ৰথমবাৰলৈ অসমলৈ আহিব দেশৰ প্ৰধান মন্ত্ৰী আৰু গৃহমন্ত্ৰী৷ ৭ ফেব্ৰুৱাৰীত বড়ো শান্তি চুক্তিৰ বিজয় উৎসৱ উদ্যাপন কৰিবলৈ বড়োভূমিত উপস্থিত হ’বহি দুয়োগৰাকী বিজেপি নেতা।













