ASSAM TIMES POST
বিশেষ প্ৰতিবেদন
সৰুকালত শুনা, দুই বন্ধুৰ সেই সাধুকথা হয়তো বহুতৰেই মনত আছে। য’ত, হাবিৰ মাজেৰে যোৱাৰ সময়ত দুই বন্ধুৰ সন্মুখত এটি ভালুক আহি পৰে। এজন বন্ধু গছত উঠে। অন্যজনে গছত উঠিব নাজানে। তেওঁ মৰাৰ ভাও ধৰি শুই থাকে মাটিত। ভালুক আহে তেওঁ ৰওচৰলৈ। কিন্তু একো অনিষ্ট নকৰাকৈ গুচি যায়। ভালুকটোৱে ভাবিছিল লোকজন মৃত। সেয়েহে তেওঁক স্পৰ্শ নকৰাকৈয়ে গুচি যায়। সেই কায়দাৰেই এইবাৰ বাঘৰ মুখৰ পৰা ৰক্ষা পৰে এজন ব্যক্তি।
ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচৰ কর্মী প্রবীণ কাছৱানে এটি ভিডিঅ’ পোষ্ট কৰে। তাত দেখা গৈছে, গাঁৱৰ ভিতৰত সোমাই পৰা এটি বাঘক খেদি ফুৰিছে এদল লোকে। আৰু সেই সময়তে এজন ব্যক্তি বাঘৰ মুখৰ সন্মুখতে পৰি যায়। ভালুকৰ হাতৰ পৰা ৰক্ষা পৰাৰ কায়দাত বাঘৰ আক্রমণৰ পৰা প্রাণ বচাবলৈ তেওঁ মাটিত শুই পৰে। বাঘটো একেবাৰে তেওঁৰ সন্মুখলৈ আহে। আনকি ব্যক্তিজনৰ মূৰৰ ওচৰলৈও মুখ নিয়ে বাঘটোৱে। কেইটামান মুহূর্তও বহি থাকে তাত।
ইয়াৰ পিছতেই ওচৰ-পাজৰৰ লোকসকলে চিঞৰ-বাখৰ কৰি বাঘটোৰ ফালে দৌৰি যায়, কিবা দলিওৱাও দেখা যায়। তাৰ পিছতে দৌৰি পলাই যায় বাঘটে। শুই থকা ব্যক্তিজনৰ শাৰীৰিকভাৱে কোনো ক্ষতি হোৱা নাই বুলিও জানিব পৰা গৈছে। ভিডিঅ’ত দেখা গৈছে, বাঘটো পলাই যোৱাৰ লগে লগে ব্যক্তিজনে মূৰ তুলি চোৱা দেখা গৈছে।
অৱশ্যে প্রবীণে জনোৱা নাই ক’ত বা কেতিয়া ভিডিঅ’টি ৰেকর্ড কৰা হৈছে। আনহাতে, আৰু এজন টুইটাৰ ইউজাৰে ৩০ ছেকেণ্ডৰ ভিডিঅ’ পোস্ট কৰি দাবী কৰিছে, এইটো মহাৰাষ্ট্ৰৰ ভাণ্ডাৰা জিলাৰ তুমছৰৰ ঘটনা।
ইয়াকে কয় ৰাখে হৰি মাৰে কোনে !













