ASSAM TIMES POST
নিউজ ডেস্ক
আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা সন্দৰ্ভত আজি অসম মাধ্যমিক শিক্ষা পৰিষদৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকত আগন্তুক মেট্ৰিক পৰীক্ষা সন্দৰ্ভত বিশেষ আলোচনা হয়। বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোকপাত কৰা হয়। আনহাতে, আগন্তুক মেট্ৰিক পৰীক্ষা স্বচ্ছ আৰু নিকা হিচাপে পৰিচালনা কৰিবৰ বাবে গ্ৰহণ কৰা হয় কেইবাটাও কঠোৰ পদক্ষেপ।
এইবাৰ পৰীক্ষাত নকল প্ৰতিৰোধৰ বাবে ছেবাই অতি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি বৈঠকত জনায়। নকল কঠোৰভাৱে ৰোধ কৰাৰ লগতে নকল কৰি ধৰা পৰিলে এজন শিক্ষাৰ্থী ৩ বছৰ পৰ্যন্ত নিলম্বনৰ দৰে কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব। ইয়াৰ উপৰি পৰীক্ষাগৃহত মোবাইল ফোন ব্যৱহাৰৰ ক্ষেত্ৰতো কঠোৰ নিৰ্দেশনা জাৰি কৰে ছেবাই।
আনহাতে, কোনো পৰীক্ষা কেন্দ্ৰ কৰ্তৃপক্ষই যদি কোনো ক্ষেত্ৰত হেমাহি কৰে তেতিয়াহ’লে সেই কেন্দ্ৰ বাতিল কৰাও হ’ব পাৰে। লগতে প্ৰশ্নকাকত নিৰীক্ষকে খুলিব লাগিব পৰীক্ষাৰ্থীৰ সন্মুখত।
উল্লেখ্য যে অহা ১০ৰ পৰা ২৯ ফ্ৰেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া মেট্ৰিক পৰীক্ষাত সৰ্বমুঠ ৩,৫৮,৪৪৬গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব।













