ASSAM TIMES POST
নিউজ ডেস্ক
আজি নতুন দিল্লীত বহু চৰ্চিত বড়ো চুক্তি কেন্দ্ৰ, ৰাজ্য চৰকাৰ আৰু বড়ো নেতৃবৃন্দৰ মাজত ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰ কৰা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসম চৰকাৰৰ হৈ মুখ্য সচিব, এবছুৰ সভাপতি প্ৰমোদ বড়ো, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু বড়োলেণ্ড আন্দোলনৰ নেতৃত্ব বহন কৰি অহা ৪টাকৈ সংগঠনৰ নেতৃবৰ্গই এই চুক্তি স্বাক্ষৰ কৰে। চুক্তিখনৰ সংক্ষিপ্তাষাৰ তলত দিয়া হ’লঃ
এতিয়াৰে পৰা BTAD হ’ব BTR- Bodoland Teritorial Region.
চুক্তি স্বাক্ষৰ অনুষ্ঠানত উপস্থিত থাকে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত-স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।
অসম আৰু বড়োভূমিৰ উজ্জ্বল ভৱিষ্যতৰ স্বাৰ্থত এই চুক্তি- অমিত শ্বাহ।
৩০ জানুৱাৰীত ১৫৫০জন বড়ো উগ্ৰপন্থীয়ে আত্মসমৰ্পণ কৰিব।
বড়ো আন্দোলনত নিহতসকললৈ ৫ লাখ টকাকৈ ক্ষতিপূৰণ দিয়া হ’ব।
প্ৰদান কৰা হ’ব ১৫০০ কোটি টকাৰ বিশেষ পেকেজ। ৩ বছৰত মোকলাই দিব এই ধনৰাশি।
৭৫০ কোটি টকা প্ৰদান কৰিব ৰাজ্য চৰকাৰে।
বড়ো সমাজৰ সামাজিক, সাংস্কৃতিক, ভাষাৰ সুৰক্ষা প্ৰদান কৰা হ’ব।
বড়ো লোক সংখ্যাগৰিষ্ঠ নোহোৱা গাঁও কৰ্তন হ’ব বিটিআৰৰ পৰা।
কেন্দ্ৰীয় চৰকাৰৰ অধীনত গঠন হ’ব মনিটৰিং কমিটী।
নতুন গাঁও বিটিআৰত অন্তৰ্ভুক্তিৰ বিষয়টো মনিটৰিং কমিটীয়ে সিদ্ধান্ত গ্ৰহণ কৰিব।
বড়ো ভাষাক অসমৰ সহযোগী চৰকাৰী ভাষাৰ স্বীকৃতি প্ৰদান কৰা হ’ব।
মনিটৰিং কমিটীয়ে নিৰ্ধাৰণ কৰিব সকলো নীতি-নিৰ্দেশনা।
বৰমাত হ’ব উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নামত কেন্দ্ৰীয় বিশ্ববিদ্যালয়।
বিটিআৰে ৬টা বিভাগৰ কৰ্তৃত্ব।
বিটিআৰত হ’ব নতুন ক্ৰীড়া বিশ্ববিদ্যালয়, ঔদ্যোগিক অঞ্চল, মেডিকেল কলেজ, কেন্সাৰ হস্পিটেল, ৰে’লৰ দবা নিৰ্মাণ কাৰখানা।
বড়ো আন্দোলনক লৈ স্থাপন হ’ব সংগ্ৰহালয়।
চুক্তিৰ জৰিয়তে অটুট থাকিব অসমৰ অখণ্ডতা আৰু শান্তি।
বিটিচিৰ আসনৰ সংখ্যা ৬০খনলৈ বৃদ্ধি।
‘












