এতিয়াৰে পৰা গুৱাহাটীৰ পৰা তিনিখন (Three from Guwahati) নতুন ৰে’ল চলিব (New trains will run) বঙাইগাঁও (Bongaigaon), উত্তৰ লখিমপুৰ (North Lakhimpur) আৰু নাহৰলগুনলৈ (Naharlagun)।
শুকুৰবাৰে এই ৰে’লকেইখনৰ যাত্ৰাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে (Union Minister Ashwini Vaishnaw inaugurated)। এই ৰে’লকেইখন হৈছে গুৱাহাটী-নৰ্থ লখিমপুৰ জনশতাব্দী এক্সপ্ৰেছ, নিউ বঙাইগাঁও-গুৱাহাটী পেছেঞ্জাৰ আৰু তিনিচুকীয়া-নাহৰলগুন এক্সপ্ৰেছ।
ৰে’লকেইখনৰ সময়সূচী হৈছে নিউ বঙাইগাঁও-গুৱাহাটী পেছেঞ্জাৰ এক্সপ্ৰেছৰ গুৱাহাটীৰ পৰা পুৱা ৭.৫৫ যাত্ৰা, দুপৰীয়া ১২.১০ বজাত নিউ বঙাইগাঁৱত উপস্থিত। নিউ বঙাইগাঁৱৰ পৰা দুপৰীয়া ২.৩০ বজাত যাত্ৰা আৰু নিশা ৮ বজাত গুৱাহাটীত উপস্থিত।

আনহাতে, তিনিচুকীয়া-নাহৰলগুন এক্সপ্ৰেছৰ সময়সূচী হৈছে প্ৰতি বুধবাৰ, বৃহস্পতিবাৰ আৰু দেওবাৰে পুৱা ৭.৪৫ বজাত নাহৰলগুনৰ পৰা যাত্ৰা আৰু দিনৰ ২ বজাত গুৱাহাটীত উপস্থিত। আনহাতে, প্ৰতি বৃহস্পতিবাৰ, শুকুৰবাৰ আৰু সোমবাৰে দিনৰ ৩.৩৫ বজাত গুৱাহাটীৰ পৰা যাত্ৰা আৰু নিশা ৯.৪৫ বজাত নাহৰলগুনত উপস্থিত।
গুৱাহাটী-উত্তৰ লখিমপুৰ জনশতাব্দী এক্সপ্ৰেছৰ গুৱাহাটীৰ পৰা যাত্ৰা প্ৰতি মঙলবাৰ আৰু বুধবাৰে পুৱা ৯.৫০ বজাত আৰু আবেলি ৪.১৫ বজাত উত্তৰ লখিমপুৰত উপস্থিত হ’ব। উত্তৰ লখিমপুৰৰ পৰা সন্ধিয়া ৫ বজাত যাত্ৰা কৰি নিশা ১১.২৫ বজাত গুৱাহাটীত উপস্থিত।
উল্লেখ্য যে আজি এই ৰে’লৰ শুভাৰম্ভৰ লগতে বড়ো ভাষাৰ এফ এম ষ্টেচন, জাগীৰোডত নেইলেট বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন আৰু তেতেলিয়াত অ’ভাৰ ব্ৰীজৰো উদ্বোধন কৰা হয়।