
গুৱাহাটীত বৃহস্পতিবাৰে সংঘটিত হয় এক ভয়ংকৰ হত্যাকাণ্ড (Horrific murder in Guwahati)। এগৰাকী যুৱকে গুৱাহাটীৰ দিছপুৰ লাষ্টগে’ট (Dispur Lastgate in Guwahati)ত ছুৰিকাঘাত কৰি হত্যা (Stabbed to death) কৰে এগৰাকী যুৱতীক। কামলৈ যাবলৈ বুলি গাড়ী ৰখি থকা অৱস্থাত এখন চাৰিচকীয়া বাহনেৰে আহি লাষ্টগেটৰ নাহৰণি পথত যুৱতীগৰাকীক ছুৰিৰে উপৰ্যুপৰি আঘাত কৰে যুৱকজনে। লগে লগে তেওঁক জি এম চিলৈ নিয়া হয় যদিও চিকিৎসকে তাত তেওঁক মৃত ঘোষণা কৰে। চিকিৎসকে জনোৱা মতে যুৱতীগৰাকীৰ পেটত, ডিঙি আৰু হাতত আঘাতৰ চিন পোৱা গৈছে। ঘটনাটো সংঘটিত হয় আজি দিনৰ প্ৰায় ১১ বজাত। আনহাতে, চিকিৎসকে তেওঁক দিনৰ প্ৰায় ১২ বজাত মৃত ঘোষণা কৰে।
জানিব পৰা মতে যুৱতীগৰাকীৰ ঘৰ টিংখাঙত। তেওঁক মৌচুমী গগৈ বুলি চিনাক্ত (Identified as Moushumi Gogoi) কৰা হৈছে। আনহাতে, হত্যাত অভিযুক্ত যুৱকজনক নলবাৰীৰ ভূপেন দাস বুলি চিনাক্ত কৰা হৈছে। কিন্তু তেওঁ বশিষ্টত বাস কৰে। উল্লেখযোগ্য যে ব্যৰ্থ প্ৰেমৰ বাবেই হত্যাৰ অভিযুক্ত ভূপেনে এই চৰম সিদ্ধান্ত লোৱাৰ উপৰি তেৱোঁ আত্মহত্যাৰ চেষ্টা চলাই পেটত ছুৰিৰে আঘাত কৰে। অৱশ্যে আৰক্ষীয়ে অভিযুক্তক আটক কৰি জি এম চি এইচত ভৰ্তি কৰায়। এই কথা সামাজিক মাধ্যম যোগে অৱগত কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে। তেওঁ উল্লেখ কৰা অনুসৰি, গুৱাহাটীত এগৰাকী ছোৱালীক ছুৰিকাঘাত কৰা দুৰ্বৃত্তক আটক কৰা হৈছে। তেৱোঁ ছুৰিৰে নিজকে আঘাত কৰিছে আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ইফালে ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত আই জি পি পাৰ্থসাৰথি মহন্তকে ধৰি উচ্চপদস্থ আৰক্ষী বিষয়াসকল উপস্থিত হয়। ঘটনা সন্দৰ্ভত আই জি পিয়ে প্ৰকাশ কৰা অনুসৰি নাহৰণি পথৰ ১৪ নম্বৰ ঘৰটোত বিগত প্ৰায় এমাহ ধৰি প্ৰায় ২৪-২৫ বছৰীয়া যুৱতীগৰাকীয়ে ভাৰাতীয়া হিচাপে আছিল। তেওঁ এটা এন জি অ’ত কাম কৰিছিল আৰু পুৱা ১১ বজাৰ ভিতৰত তেওঁ কামলৈ ওলাই যায়। আজিও কামলৈ ওলাই যোৱাৰ সময়তে তেওঁক পেট, ডিঙি আৰু বুকুত ছুৰিৰে আক্ৰমণ কৰে। ইফালে আক্ৰমণকাৰী যুৱকজনেও নিজৰ পেটত ছুৰিৰে আঘাত কৰে। তেওঁক এখন গাড়ীত উদ্ধাৰ কৰাৰ পিছত হাস্পতাললৈ লৈ যোৱা হয়।
আৰক্ষীয়ে লগতে জনোৱা মতে, হত্যাত অভিযুক্ত যুৱকজনে যুৱতীগৰাকীক কেইবাবাৰো প্ৰেমৰ প্ৰস্তাৱ দিছিল। কিন্তু প্ৰতিবাৰেই এই প্ৰস্তাৱ তেওঁ প্ৰত্যাখ্যান কৰিছিল। যাৰ বাবে প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে যুৱতীগৰাকীক শেষ কৰাৰ দৰে হিংস্ৰ সিদ্ধান্ত গ্ৰহণ কৰে যুৱকজনে। অৱশ্যে এই কাণ্ড যুৱকজনে অকলেই কৰিছিল নে তেওঁৰ লগত আন কোনোবা আছিল সেই কথা এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে ইয়াৰ তদন্ত আৰম্ভ কৰিছে।
আনহাতে, যুৱতীগৰাকীৰ আত্মীয়ই অভিযোগ কৰা মতে কিছুদিন পূৰ্বে যুৱকজনে যুৱতীগৰাকীক হত্যাৰ ভাবুকি দিছিল। যাৰ বাবে তেওঁ পাণবজাৰ আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিল। ইয়াৰ উপৰি যুৱকজনে দুবাৰমান তেওঁক আক্ৰমণ কৰিবলৈ উদ্যত হোৱাৰো অভিযোগ উত্থাপিত হৈছে।













