ASSAM TIMES POST
ডিফুঃ বিভিন্ন উগ্ৰপন্থী সংগঠনে গণৰাজ্য দিৱস পালন নকৰিবলৈ আহ্বান জনোৱা ১২ ঘণ্টীয়া বন্ধকো নেওচি ডিফুত সমগ্ৰ দেশৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলা কাৰবি আংলঙৰ সদৰ চহৰ ডিফুতো বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭১ সংখ্যক গণৰাজ্য দিৱসটি উদযাপন কৰা হয় ৷

এই উদ্দেশ্যে ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত কাৰবি আংলং জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত ৭১ সংখ্যক গণ ৰাজ্য দিৱসটিৰ পতাকা উত্তোলন কৰে কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷ পতাকা উত্তোলনৰ পূৰ্বে মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে নিৰাপত্তাৰক্ষী, এনচিচি আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলৰ গাৰ্ড অফ অনাৰ গ্ৰহণ কৰে ৷

গণৰাজ্য দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে সাংসদ হৰেণছিং বে’, জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়া, আৰক্ষীৰ মধ্য সংমণ্ডলৰ ডিআইজি আইপিএছ সত্যৰাজ হাজৰিকা , জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী , পৰিষদৰ কেইবাগৰাকী ইএম , এমএচি আৰু গণ্যমান্য ব্যক্তিৰ লগতে জ্যেষ্ঠ নাগৰিক সকল উপস্থিত থাকে ৷

সমগ্ৰ কাৰ্যসূচীক ড্ৰুণ কেমেৰাৰ নিৰিক্ষণত ৰখা হয় ৷ মুখ্য অতিথিৰ ভাষণত কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে স্বাধীনতা সংগ্ৰামত প্ৰাণাহুতি দিয়া সকললৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ লগতে জিলাখনৰ উন্নয়ণমূলক কাম- কাজৰ ওপৰত বিস্তৃত বাখ্যা আগবঢ়ায় ৷

ইয়াৰ পিছতে গণৰাজ্য দিৱসৰ পেৰেডত অংশ গ্ৰহণ কৰা অসম আৰক্ষী, চিআৰপিএফ, বিভিন্ন বিদ্যালয়ৰ এনচিচি দল আৰু ছাত্ৰ-ছাত্ৰীৰ কনটিনজেণ্ট, বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক নৃত্য আৰু বিভাগীয় প্ৰতিকী প্ৰদৰ্শেনেৰে উপস্থিত দৰ্শকক আপ্লুত কৰা হয়৷ জিলা প্ৰশাসনৰ তৰফৰ পৰা গণৰাজ্য দিৱস উপলক্ষে অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতা, এনচিচি , বিদ্যালয় কনটিনজেণ্ট ,সাংস্কৃতিক দল সমুহৰ বিজয়ী দল আৰু ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ লগতে মানপত্ৰ আৰু পুৰষ্কাৰ বিতৰণ কৰা হয় ৷ শেষত কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদ একাদশ আৰু উপায়ুক্ত একাদশৰ মাজত অনুষ্ঠিত হোৱা ৰছী টনা প্ৰতিযোগিতাত কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদ একাদশ বিজয়ী হৈ পুৰষ্কাৰ লাভ কৰে ৷












