
বৃহস্পতিবাৰে কংগ্ৰেছে উলিওৱা ৰাজভৱন যাত্ৰা প্ৰতিবাদী (Raj Bhavan Yatra protesters) কাৰ্যসূচীত অংশগ্ৰহণ কৰি মৃত্যু (Death) হৈছিল কংগ্ৰেছৰ আইনী কোষৰ সম্পাদক (Secretary of the Legal Cell of the Congress) তথা অধিবক্তা মৃদুল ইছলামৰ (Advocate Mridul Islam)। কংগ্ৰেছ কৰ্মীগৰাকীৰ এই মৃত্যুৰ তদন্ত ঘোষণা (Death probe announced) কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমযোগে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ বাবে ভিডিঅ’ ফুটেজ সংগ্ৰহ কৰি আৰক্ষীক তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

এই সন্দৰ্ভত এফআইআৰ পঞ্জীয়ন, ভিডিঅ’ ৰেকৰ্ডিঙৰ পৰ্যালোচনা কৰি ঘটনাৰ তদন্ত কৰিব আৰক্ষীয়ে। আনহাতে, ৰাজভৱনত প্ৰতিবাদ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে এতিয়াৰে পৰা ৰাজভৱনৰ ওচৰত কোনেও প্ৰতিবাদ কৰিব নোৱাৰিব। প্ৰতিবাদৰ বাবে নিৰ্ধাৰিত বিশেষ স্থান থকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই বিশেষ স্থানতহে প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ কৰিব পাৰিব।













