
প্ৰবীণ বিজেপি নেতা তথা প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানীক (Lal Krishna Advani) মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। নেতাগৰাকীৰ শাৰীৰিক অৱস্থা হঠাৎ অৱনতি হোৱাৰ বাবে ৰাজধানীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

সংবাদ সংস্থা পিটিআইৰ মতে, শুকুৰবাৰে আদৱানী অসুস্থ হৈ পৰে। তেওঁক ততাতৈয়াকৈ নতুন দিল্লীৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। স্নায়ু বিশেষজ্ঞ বিনীত চুৰিৰ নেতৃত্বত চিকিৎসকৰ এটা দলে তেওঁক নিৰন্তৰ পৰ্যবেক্ষণত ৰাখিছে।
চিকিৎসালয়ৰ সূত্ৰ অনুসৰি, বৰ্তমান তেওঁৰ অৱস্থা স্থিৰ।
চলিত বছৰত তেওঁক কেইবাবাৰো চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জুলাই মাহতো বয়সজনিত সমস্যাৰ বাবে তেওঁক দিল্লীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। প্ৰবীণ নেতাজনক কেইদিনমান পৰ্যবেক্ষণত ৰখাৰ পিছত মুকলি কৰি দিয়া হয়।
উল্লেখ্য যে আদৱানীৰ জন্ম ১৯২৭ চনত অবিভক্ত ভাৰতৰ কৰাচীত। তেওঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৈতে ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল। লাহে লাহে তেওঁ নিজকে ভাৰতীয় ৰাজনীতিৰ এক গুৰুত্বপূৰ্ণ ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰে। তেওঁ ১৯৮০ চনৰ পৰা বিজেপিৰ সভাপতি আছিল।
তেওঁ ১৯৯৮ চনৰ পৰা ২০০৪ চনলৈ দেশৰ গৃহ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। তেওঁ ২০০২-২০০৪ চনলৈ বাজপেয়ীৰ মন্ত্ৰীসভাত উপ-প্ৰধানমন্ত্ৰী আছিল। তেওঁক ২০১৫ চনত পদ্ম বিভূষণ আৰু ২০২৪ চনত ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হয়। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁৰ বাসগৃহলৈ গৈ এই বঁটা প্ৰদান কৰে।










