বোকাখাত (Bokakhat)ৰ সমাজ জীৱনৰ অন্যতম কাণ্ডাৰী, বিশিষ্ট সমাজকৰ্মী (Eminent social worker) মহাবীৰ প্ৰসাদ আগৰৱালালৈ (Mahavir Prasad Agarwala) আগবঢ়োৱা হৈছে “ভাৰত গৌৰৱ” বঁটা (“Bharat Gaurav” Award)। কৰ্ণাটকৰ ভাৰত বিকাশ সংগমে (Bharat Vikas Sangam in Karnataka) এই সন্মান প্ৰদান (Giving honors) কৰিব। অহা ৫ ফেব্ৰুৱাৰীত ভাৰতীয় সাংস্কৃতিক মহোৎসৱত এই সন্মান আগবঢ়াব। উল্লেখ্য যে আৰ্তজনৰ ওচৰত সদায় ঠিয় হোৱা সমাজ কৰ্মীজনে কভিদ, বানপানী, তথা ছাত্ৰ-ছাত্ৰীক উচ্চশিক্ষাৰ বাবে আৰ্থিক সহযোগিতা, অনাথ আশ্ৰমত থকা শিশুসকলক বিহু, পূজা আদিত কাপোৰ প্ৰদান, চকু চিকিৎসা কৰি বহু ৰোগীক সুস্থ কৰাত বিশেষ সহায়, সমূহীয়া বিবাহ, শিক্ষানুষ্ঠান প্ৰতিষ্ঠা লগত জড়িত, নামঘৰ, মন্দিৰ আদিত বিশেষ সহায়, বোকাখাত নাট্য মন্দিৰ, পূজা মণ্ডপ, বিবাহ মণ্ডপ নিৰ্মাণত বিশেষ সহযোগিতা কৰি এগৰাকী বিশিষ্ট সমাজকৰ্মী হিচাবে ৰাইজে সন্মান কৰি আহিছে।
ৰাজ্যিক বহু জাতীয় অনুষ্ঠানৰ লগত এক নিবিড় সম্পৰ্ক আগৰৱালা। অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণ কৰি অসমীয়া ভাষা, সংস্কৃতিৰ উন্নয়নৰ এজন অন্যতম ব্যক্তি মহাবীৰ প্ৰসাদ আগৰৱলা। ভাৰত গৌৰৱ সন্মান লাভ কৰাত বোকাখাত নাট্য মন্দিৰ, বোকাখাত বাৰোৱাৰী পূজা সমিতি, অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদ, বোকাখাত মহকুমা সাংবাদিক সন্থা, কাজিৰঙা নিউজ নেটৱৰ্ক, জে, ডি, এছ, জি মহাবিদ্যালয়, চন্দ্ৰনাথ বেজ বৰুৱা বিজ্ঞান মহাবিদ্যালয়, ৰাজ্যিক সাংবাদিক সন্থা, বোকাখাত মহকুমা কবি সন্মিলন আদি বিভিন্ন সংগঠনে অভিনন্দন জনাইছে।