কিছুদিন পূৰ্বে গুৱাহাটী মহানগৰী (City of Guwahati)ৰ বৰাগাঁৱৰ নিজৰাপাৰত (Baragaon’s Nizarapar) এগৰাকী যুৱতীক ধৰ্ষণকাণ্ডত জড়িত (Involved in rape case) ৭ অভিযুক্ত আৰক্ষীৰ জালত (7 accused Arrested) পৰিছে। বৰাগাঁৱৰ নিজৰাপাৰৰ এটা দুৰ্গা মন্দিৰত সংঘটিত হৈছিল এই ঘটনা। উল্লেখ্য যে ধৰ্ষণকাণ্ডত জড়িত অভিযুক্তই কেৱল ধৰ্ষণ কৰিয়ে ক্ষান্ত নাথাকি ধৰ্ষণৰ ভিডিঅ’ সামাজিক মাধ্যমতো ভাইৰেল কৰিছিল। অভিযোগ অনুসৰি, এই দলবদ্ধ ধৰ্ষণকাণ্ডত মুঠ ৯ জন যুৱক জড়িত আছিল।
আনহাতে, সামাজিক মাধ্যমত ভাইৰেল ভিচিঅ’ৰ আঁতধৰি গড়চুক আৰক্ষীয়ে ইয়াৰে ৭ অভিযুক্তক আটক কৰে৷ অৱশ্যে এই কাণ্ডৰ মূল অভিযুক্ত বৰ্তমানো পলাতক হৈ আছে বুলি জানিব পৰা গৈছে। আটকাধীন অভিযুক্তকেইটা হৈছে কুলদ্বীপ নাথ (২৩), পিংকু দাস (১৮), মৃণাল ৰাভা (১৯), গগন দাস (২১), বিজয় ৰাভা (২২), দীপাংকৰ মুখীয়া (২১) আৰু সৌৰভ বড়ো (২০)। ৰবীন দাস আৰু কৃষ্ণ নামৰ আন দুই অভিযুক্ত এতিয়াও পলাতক হৈ আছে। অৱশ্যে ভুক্তভোগী যুৱতীগৰাকীৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই।
ইফালে এই সন্দৰ্ভত মহানগৰ আৰক্ষী উপায়ুক্ত (পশ্চিম) পদ্মনাভ বৰুৱাই জানিবলৈ দিয়া মতে, বৃহস্পতিবাৰে নিশা প্ৰায় তিনিটামান বজাত গড়চুক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ময়ূৰজিৎ গগৈয়ে এক তথ্য লাভ কৰে যে বৰাগাঁও অঞ্চলত এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণৰ ভিডিঅ’ ভাইৰেল হৈ আছে। এই তথ্য লাভ কৰাৰ লগে লগে গড়চুক আৰক্ষী থানাৰ এটা দলে নিশাতেই বৰাগাঁও অঞ্চললৈ গৈ অনুসন্ধান আৰম্ভ কৰি দুজনমান লোকৰ সন্ধান উলিয়াবলৈ সক্ষম হয়৷ তাৰ পিচত জালুকবাৰী, গড়চুক, নুনমাটি আদি অঞ্চলত অভিযান চলাই ভিডিঅ’টোত থকা ৭ জন লোকক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷
উল্লেখ্য যে আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, প্ৰাৰম্ভিক অনুসন্ধানত প্ৰকাশ পাইছে যে ঘটনাটো ৰাসৰ সময়ত ১৭ নৱেম্বৰত সংঘটিত হৈছিল৷ অভিযুক্ত যুৱককেইজনে বৰাগাঁও অঞ্চলত বাস কৰে আৰু ঘটনাৰ দিনা তেওঁলোকে ৰাস চাবলৈ আহি নিজৰাপাৰৰ এটা দুৰ্গা মন্দিৰৰ চৌহদত মদ, ড্ৰাগছ খাবলৈ যায়৷ তাৰৰ পিছত এজন যুৱকে সেই ঠাইলৈ এগৰাকী মহিলাক লৈ আহে আৰু আটাইকেইজনে মিলি দলবদ্ধ ধৰ্ষণ কৰে৷ এই সমগ্ৰ ঘটনা দলটোৰ এজন যুৱকে ভিডিঅ’ কৰে আৰু পৰৱৰ্তী সময়ত ই ভাইৰেল হৈ পৰে৷