
চাৰিজন নতুন মন্ত্ৰী অসম কেবিনেট (New Minister Assam Cabinet)ত অন্তৰ্ভুক্ত কৰা পিছত সোমবাৰে মন্ত্ৰীসকলৰ দপ্তৰ বিতৰণ (Distribution of portfolios of Ministers) কৰা হয়। এই নতুন মন্ত্ৰীসভাত পূৰ্বৰ বহুকেইজন মন্ত্ৰীৰ বিভাগৰ সালসলনি ঘটোৱা হয়।
কাৰ কাৰ হাতত কি কি বিভাগ :
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা : গৃহ, কৰ্মচাৰী, লোক নিৰ্মাণ, স্বাস্থ্য শিক্ষা আৰু গৱেষণা বিভাগ তথা বিতৰণ নকৰা অন্যান্য বিভাগসমূহ।
ৰঞ্জিত কুমাৰ দাস : পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, আইন বিভাগ, পৰ্যটন বিভাগ আৰু সাধাৰণ প্ৰশাসন বিভাগ।
অতুল বৰা : কৃষি বিভাগ, আৱকাৰী বিভাগ, সীমান্ত সুৰুক্ষা আৰু উন্নয়ন বিভাগ, উদ্যানশস্য বিভাগ, অসম চুক্তি ৰূপায়ণ বিভাগ।
কেশৱ মহন্ত : ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ, তথ্য-প্ৰযুক্তি বিভাগ, বিজ্ঞান-প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তন বিভাগ।
উৰ্খাও গৌড়া ব্ৰহ্ম : বড়োলেণ্ড কল্যাণ বিভাগ, হস্ততাঁত আৰু বস্ত্ৰশিল্প, ভূমি সংৰক্ষণ বিভাগ।
চন্দ্ৰমোহন পাটোৱাৰী : এক্ট ইষ্ট পলিচি পৰিক্ৰমা বিভাগ, বন আৰু পৰিৱেশ বিভাগ, সংসদীয় পৰিক্ৰমা বিভাগ।
ডাঃ ৰণোজ পেগু : শিক্ষা, ভৈয়াম-জনজাতি উন্নয়ন বিভাগ।

অশোক সিংহল : স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আৰু জলসিঞ্চন বিভাগ।
যোগেন মহন : পাৰ্বত্য অঞ্চল বিভাগ, পৰিবহণ বিভাগ, সমবায় বিভাগ আৰু খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সাংস্কৃতিক বিভাগ।
অজন্তা নেওগ : সমাজ কল্যাণ আৰু বিত্ত বিভাগ।
পিযুষ হাজৰিকা : জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ।
বিমল বড়া : সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু উদ্যোগ, বাণিজ্য বিভাগ।
জয়ন্তমল্ল বৰুৱা : জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগ।
নন্দিতা গাৰ্লোচা : ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ, সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ উপৰি সময় সাপেক্ষ লোক নিৰ্মাণ বিভাগৰ দায়িত্ব।
প্ৰশান্ত ফুকন : শক্তি বিভাগ, দক্ষতা, নিযুক্তি আৰু উদ্যমিতা আৰু সময় সাপেক্ষে স্বাস্থ্য শিক্ষা আৰু গৱেষণা বিভাগ।
কৌশিক ৰায় : খনি আৰু খনিজ সম্পদ, খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ আৰু বৰাক উপত্যকা উন্নয়ন বিভাগ।
কৃষ্ণেন্দু পাল : পশুপালন বিভাগ, মীন বিভাগ আৰু সময় সাপেক্ষ লোক নিৰ্মাণ বিভাগৰ দায়িত্ব।
ৰূপেশ গোৱালা : শ্ৰম বিভাগ, চাহ জনজাতি আৰু আদিবাসী উন্নয়ন বিভাগ আৰু সময় সাপেক্ষ গৃহ বিভাগ।













