ক্ৰমাৎ উপকূলৰ ওচৰলৈ গতি কৰিছে ‘ফেংগাল’ ঘূৰ্ণীবতাহে (Cyclone ‘Fengal’)। অতি সোনকালে স্থলপথত প্ৰৱেশ কৰিব ‘ফেংগাল’। ইতিমধ্যে তামিলনাডু আৰু পুডুচেৰীত ধাৰাসাৰ বৰষুণ আৰম্ভ হৈছে। সমগ্ৰ ৰাজ্যত জাৰি কৰা হৈছে ৰেড এলাৰ্ট (Red alert issued in the state)। ভয়াৱহ বতৰৰ বাবে বন্ধ কৰি দিয়া হৈছে চেন্নাই বিমানবন্দৰ (Chennai airport closed)। বন্ধ কৰি দিয়া হৈছে ৰে’ল সেৱা।
বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, শনিবাৰে বিয়লি কৰাইকাল আৰু মহাবলীপুৰমৰ মাজৰ তামিলনাডু-পুডুচেৰী উপকূলত ‘ফেংগাল’ ঘূৰ্ণীবতাহ স্থলপথত প্ৰৱেশ কৰিছে। সেই সময়ত ধুমুহাৰ গতিবেগ হ’ব ঘণ্টাত ৭০ৰ পৰা ৮০ কিলোমিটাৰ। সৰ্বোচ্চ গতিবেগ প্ৰতি ঘণ্টাত ৯০ কিলোমিটাৰ পৰ্যন্ত হ’ব পাৰে। আজিৰ পৰা সোমবাৰলৈ তামিলনাডু, পুডুচেৰী, অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকৰ কেইবাটাও অঞ্চলত প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে।
আজি সন্ধিয়া ৭ বজালৈ বন্ধ থাকিব চেন্নাই বিমানবন্দৰ। ঘূৰ্ণীবতাহৰ বাবে বন্ধ থাকিব সকলো বিমান সেৱা। পুৱাৰে পৰা বাতিল কৰা হৈছে ২২খন বিমান। ধুমুহা কমি যোৱাৰ পিছত বিমান সেৱা স্বাভাৱিক হ’ব। স্থানীয় ৰে’ল সেৱাও বন্ধ কৰা হৈছে।
বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, অহা তিনিদিনলৈ চেন্নাই, তিৰুভাল্লুৰ, চেংগালপট্টু, ভিল্লুপুৰম, কল্লাকুৰ্চি, কুদ্দুলুৰ আৰু পুডুচেৰীত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হ’ব। তামিলনাডু (TamilNadu) চৰকাৰে চেন্নাই, তিৰুভাল্লুৰ, কাঞ্চিপুৰম, চেংগালপট্টুৰ সকলো বিদ্যালয়-মহাবিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশ দিছে। আজি ৰাজ্যখনৰ সকলো চৰকাৰী কৰ্মচাৰী আৰু আই টি কোম্পানীৰ কৰ্মচাৰীক ঘৰৰ পৰাই কাম কৰিবলৈ পৰামৰ্শ দিছে। সমগ্ৰ ৰাজ্যতে দুহেজাৰৰো অধিক সাহায্য শিবিৰ মুকলি কৰা হৈছে।