ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নিউজীলেণ্ডৰ বিপক্ষে প্ৰথম টি-২০ত জয়ী ভাৰত

ASSAM TIMES POST by ASSAM TIMES POST
January 24, 2020
Reading Time: 1 min read
A A
0
নিউজীলেণ্ডৰ বিপক্ষে প্ৰথম টি-২০ত জয়ী ভাৰত

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

স্পৰ্টছ ডেস্ক

নিউজীলেণ্ড ভ্ৰমণৰত ভাৰতীয় ক্ৰিকেট দলে চলিত পাঁচখনীয়া টি-২০ শংখলাৰ অকলেণ্ডত অনুষ্ঠিত প্ৰথমখন মেচত ঘৰুৱা দলটোক ৬ উইকেটত পৰাস্ত কৰে।

জয়ৰ বাবে ২০৪ ৰাণৰ লক্ষ্য সন্মুখত লৈ ক্ৰিজত নমা ভাৰতীয় দলে ৬টা বল বাকী থকা অৱস্থাত প্ৰয়োজনীয় ৰাণ সংগ্ৰহ কৰি শৃংখলাত ১-০ৰ অগ্ৰগতি লাভ কৰে।

উল্লেখ্য যে অকলেণ্ডৰ ইডেন পার্কত বিশাল ছয় কোবাই কিৱি বাহিনীৰ হাতৰ পৰা বিজয় কাঢ়ি আনে শ্রেয়াছ আয়াৰে।

প্ৰথমে বেটিং কৰি কলিন মনৰো, কেন উইলিয়ামছন আৰু ৰছ টেইলৰৰ মাৰমুখী বেটিঙেৰে ৰাণৰ পাহাৰ গঢ়িছিল নিউজীলেণ্ডে। ২০ অ’ভাৰত কিৱি বাহিনীয়ে সংগ্ৰহ কৰিছিল পাঁচ উইকেটত ২০৩ ৰাণ। টি-২০ ক্রিকেটত এই ৰাণ যথেষ্ট। তাৰ উপৰি বিদেশৰ মাটিত গৈ ২০০ৰ অধিক ৰাণ কৰাটো কঠিন বুলিয়েই ভবা হয়।

জয়ৰ লক্ষ্য আগত ৰাখি ক্ৰিজত নমা ভাৰতীয় দলে ছন্দত থকা ৰোহিত শর্মাক ৭ ৰাণতেই হেৰুৱাবলগা হয়। ছেণ্টনাৰৰ বল সঠিকভাৱে টাইমিং কৰিব নোৱাৰিলে ৰোহিত শৰ্মাই। টেইলৰক সহজ কেছ দি পেভিলিয়নমুখী হয় ৰোহিত।

ৰোহিতৰ প্ৰস্থানৰ পিছত লোকেশ ৰাহুল আৰু বিৰাট কোহলিয়ে দলৰ স্কৰ আগবঢ়াই নিয়াৰ নেতৃত্ব লয়। দ্বিতীয় উইকেটত দুয়ো যোগ কৰে ৯৯ ৰাণ। ৬ মাৰি পঞ্চাছৰ ঘৰত প্ৰৱেশ কৰে ৰাহুল। এই অৰ্ধশতক আহে মাত্র ২৩টা বলত। কিন্তু তাৰ পিছতেই তেওঁও উভতিবলগা হয় পেভিলিয়নলৈ। ঈশ সোধিক ৬ মাৰিবলৈ গৈ কেছ আউট হয়। তেওঁৰ ২৭ বলত ৫৬ ৰাণৰ ইনিংছটোত আছিল চাৰিটা ৪ আৰু তিনিটা ৬।

ৰাহুল আউট হোৱাৰ কিছু সময় পিছতেই কোহালিও আউট হয় ৩২ বলত ৪৫ ৰাণ কৰি। অৱশ্যে বলাৰ ব্লেয়াৰ টিকনাৰ নহয়, তেওঁক আউট কৰাৰ সম্পূৰ্ণ কৃতিত্ব মার্টিন গুপ্টিলৰ। বাউণ্ডেৰী লাইনৰ পৰা দৌৰি আহি এক অবিশ্বাস্য কেছ ধৰি কোহলিক বিদায় দিয়ে তেওঁ।

বিৰাটৰ আউটৰ পিছত শিৱম ডুবেই বেছি সময় উইকেটত টিকিব নোৱাৰে। ৯ বলত ১৩ ৰাণ কৰি চেওঁ আউট হয়। চতুৰ্থ উইকেট পতন ঘটাৰ সময়ত ভাৰতৰ স্কৰ আছিল ১৪২ ৰাণ।
তাৰ পিছতেই যুটি বান্ধে শ্রেয়াছ আয়াৰ আৰু মণীষ পাণ্ডেই। দুয়ো ৩৪ বলত যোগ কৰে ৬২ ৰান। ২৬ বলত পঞ্চাশত উপনীত হয় শ্রেয়াছ। শেষ পর্যন্ত ২৯ বলত তেওঁ ৫৮ ৰাণ কৰি অপৰাজিত হৈ থাকে। য’ত আছিল পাঁচটা ৪ আৰু তিনিটা ৬। মণীষ অপৰাজিত থাকে ১২ বলত ১৪ ৰাণত।

উল্লেখ্য যে টছত হাৰি বেটিং কৰিবলৈ নমা নিউজীলেণ্ডে দুই অপেনাৰ মার্টিন গুপ্টিল আৰু কলিন মনৰোৰ মাৰমুখী বেটিঙেৰে ইনিংছ আৰম্ভণি কৰিছিল। দুয়ো ২৭ বলতে দলীয় স্কৰ ৫০ত উপনীত কৰিছিল। পাৱাৰপ্লেৰ ৬ অভাৰত বিনা উইকেটে স্কৰ বোৰ্ড হৈছিল ৬৮।

নিউজীলেণ্ডৰ ইনিংছত প্রথম আঘাত হানিছিল অলৰাউণ্ডাৰ শিৱম ডুবেই। তেওঁৰ প্রথম অভাৰত পেভিলয়নমুখী হৈছিল গুপ্টিল (১৯ বলত ৩০)। ছয় কোবাবলৈ গৈ ডিপ মিড উইকেটত ৰিলে কেছ লৈ তেওঁক ঘূৰাই পঠায় ৰোহিত শর্মাই। প্রথম উইকেটত ৮০ ৰাণ যোগ কৰিছিল নিউজীলেণ্ডে।

দ্বিতীয় উইকেটত মনৰোৰ সৈতে অধিনায়ক কেন উইলিয়ামছনে যোগ দিয়ে ৩৬ ৰাণ। ছার্দুল ঠাকুৰৰ দ্বিতীয় স্পেলত যজুবেন্দ্র চহলক কেছ দি উভতে তেওঁ। ৪২ বলত তেওঁৰ ৫৯ ৰাণ ইনিংছটোত আছিল ছয়টা ৪ আৰু দুটা ৬। ১১৬ ৰাণত দ্বিতীয় উইকেটৰ পতন ঘটে কিৱি বাহিনীৰ। তৃতীয় উইকেট পতন ঘটে ১১৭ ৰাণত। ৰবীন্দ্র জাদেজাৰ প্রথম অভাৰত উভতি যায় কলিন ডি গ্ৰেণ্ডহোমি (০)।

চাৰি কোৱাই অৰ্শতকত উপনীত হ’বলৈ উইলিয়ামছনক লাগে ২৫ বল। তাৰ পিছতেই তেওঁ ২৬ বলত ৫১ ৰাণত আউট হয়। তেওঁৰ ইনিংছত আছিল চাৰিটা ৪ আৰু চাৰিটা ৬। ১৭৮ বলত পতন ঘটে চতুর্থ উইকেটৰ। পঞ্চম উইকেট পৰে ১৮১ ৰাণত। শেষৰ ফালে টেইলৰে ২৭ বলত বিধ্বংসী মেজাজত ৫৪ ৰাণ কৰে।
উল্লেখ্য যে এই বছৰতেই অষ্ট্ৰেলিয়াত টি-২০ বিশ্বকাপ। তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই বছৰৰ আৰম্ভণিতে নিউজীলেণ্ডৰ বিৰুদ্ধে পাঁচ মেচৰ টি-২০ শৃংখলা খেলিছে ভাৰতে।

Tags: Featured
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন
Dima Hasao

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

August 4, 2026
50
Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত
National-International

Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

August 4, 2026
50
Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো
National-International

Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

August 4, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

August 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

August 4, 2026
Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

August 4, 2026
Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

August 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx