ঘৰুৱা অশান্তিৰ পৰা পৰিত্ৰাণ পাবলৈ অৰণ্যলৈ যায় বহু মহিলা। তাত কাঠ, খৰি, ফলমূল সংগ্ৰহ, পৰিয়াল চলাবলৈ বনজ সম্পদ সংগ্ৰহ কৰাৰ লগতে বনাঞ্চলৰ কাষৰ গাঁওবোৰৰ মহিলাসকলে নিজৰ মাজত সুখ-দুখৰ কথা পাতে।

দিনটোৰ শেষত ঘৰলৈ উভতি যায় তেওঁলোক। আনহাতে, অৰণ্যত থকাৰ সময়ত তেওঁলোকে বন্যপ্ৰাণীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ নিজৰ মাজতে চিঞৰি কথা পাতে, গানো গায়।
উত্তৰাখণ্ডৰ জিম কৰবেট অৰণ্যৰ (Jim Corbett)এই ঘটনাবোৰৰ বিষয়ে বহুতো কাহিনীত বৰ্ণনা কৰা হৈছে। এইবাৰ এই ৰাষ্ট্ৰীয় উদ্যানখনত স্থানীয় মহিলাসকলক কেমেৰা আৰু ড্ৰোনেৰে নিৰীক্ষণৰ অভিযোগক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।
কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ গৱেষক তৃষান্ত চিমলাইয়ে শেহতীয়াকৈ ‘এনভায়ৰনমেণ্ট এণ্ড প্লেনিং এফ’ আলোচনীত এখন প্ৰতিবেদন প্ৰকাশ কৰিছে । তাত কোৱা হৈছে, “একাংশ বন ৰেঞ্জাৰে বনাঞ্চলৰ পৰা প্ৰাকৃতিক সম্পদ আহৰণ কৰিবলৈ চেষ্টা কৰি থকা স্থানীয় মহিলাসকলক ভয় খুৱাবলৈ আৰু তেওঁলোকক প্ৰাকৃতিক সম্পদ সংগ্ৰহ কৰাত বাধা দিবলৈ ড্ৰোন উৰুৱায়।”
১৪ মাহ ধৰি তৃষান্তসহ দলটোৱে কমেও ২৭০ গৰাকী স্থানীয় মহিলাৰ সৈতে কথা পাতে। এগৰাকী মহিলাই তৃষান্তক কয়, “অৰণ্যত কাঠ সংগ্ৰহ কৰোঁতে আমি প্ৰায়ে অনুভৱ কৰোঁ যে কোনোবাই নহয় কোনোবাই সকলো সময়তে আমাৰ ওপৰত চকু ৰাখিছে। গতিকে আমি নিজৰ মাজত কথা পতা বন্ধ কৰিলোঁ। যেতিয়া কথা কওঁ, ফুচফুচাই কওঁ, যাতে আন কোনেও শুনিব নোৱাৰে। বা কেতিয়াবা গানো গাইছিলোঁ। কিন্তু এতিয়া গান নাগাওঁ।”
তৃষান্তে কয় যে ইয়াৰ ফলস্বৰূপে মহিলাসকলে প্ৰায়ে বন্যজন্তুৰ সন্মুখীন হয়। শেহতীয়াকৈ তৃষান্তে এগৰাকী মহিলাৰ সৈতে কথা পাতে, যাক বাঘে আক্ৰমণ কৰিছিল।
ইয়াৰ উপৰি কিছুমান মহিলাই একাংশ বন ৰেঞ্জাৰৰ ওপৰত তেওঁলোকৰ ব্যক্তিগত ভিডিঅ’ লোৱা আৰু সামাজিক মাধ্যমত প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে। তাৰবাবে তেওঁলোকক হাৰাশাস্তিও কৰা হৈছে।