ASSAM TIMES POST
বিশেষ প্ৰতিবেদক
“এতিয়া প্ৰতীকী আন্দোলনৰ সময় শেষ। চৰকাৰক বাধ্য কৰিব পৰা ঐক্যবদ্ধ জোৰদাৰ আন্দোলন হ’ব লাগে।” আজি ‘নিয়া’ আদালতত হাজিৰ কৰাবলৈ অনাৰ সময়ত কৃষক নেতা অখিল গগৈয়ে জয় আই অসম ধ্বনিৰে ৰাইজলৈ এই আহ্বান জনায়। আনহাতে, আন্দোলন ঐক্যবদ্ধ নহ’লে অসমীয়া জাতি বিশ্বাসঘাতকতাৰ বলি হ’ব বুলিও উল্লেখ কৰি অখিল গগৈয়ে কয়, “ৰাইজে ঐক্যবদ্ধ হৈ জোৰদাৰ আন্দোলন কৰক।”
উল্লেখ্য যে ন্যায়িক জিম্মাৰ ম্যাদ অন্ত পৰাত আজি পুনৰ কৃষক নেতা অখিল গগৈক আদালতত হাজিৰ কৰোৱা হৈছে। ৰাষ্ট্ৰীয় তদন্তকাৰী সন্থা চমুকৈ ‘নিয়া’ৰ গুৱাহাটী আদালতত কটকটীয়া নিৰাপত্তাৰ মাজেৰে গগৈক হাজিৰ কৰা হয়। আদালতলৈ গগৈক অনাৰ সময়ত তেওঁৰ সমৰ্থকে প্ৰতিবাদত উত্তাল কৰি তোলে আদালত চৌহদ।
ইফালে আজি আদালত চৌহদতে সাংবাদিকৰ হাতত অখিল গগৈয়ে তুলি দিয়ে এক বিবৃতি। জাতীয় দল-সংগঠনক উদ্দ্যেশ্যি এই ৭ পৃষ্ঠাৰ বিবৃতি। বিবৃতিটোত অখিলে কয়, ১০, ১১, ১২ ডিচেম্বৰত আন্দৈলনৰ ৰূপৰেখা জনতাই অংকন কৰিছিল। তাৰপৰা হিংসাত্মক ঘটনাখিনি বিয়োগ কৰিলেই আন্দোলনৰ সঠিক ৰূপৰেখা হয়। লগতে তেওঁ আন্দোলন দীঘলীয়া, লেহেমীয়া আৰু লক্ষ্যহীন হৈ পৰা বুলিও উল্লেখ কৰে।
নিজৰ বন্দিত্বৰ কথা উল্লেখ কৰি অখিল গগৈয়ে কয়, “মই চৰকাৰৰ সুপৰিকল্পিত ষড়যন্ত্ৰৰ বলি হৈ বন্দী হৈ আছোঁ।” নতুন ৰাজনৈতিক দল প্ৰসংগত কৃষক নেতাগৰাকীয়ে কঠিন সংগ্ৰামৰ পৰিপূৰক হিচাপে ৰাজনৈতিক দলৰ পোষকতা কৰে। স্বৈৰতান্ত্ৰিক বিজেপিক চিৰদিনৰ বাবে উত্খাত কৰাৰ বাবে নতুন ৰাজনৈতিক শক্তিৰ প্ৰয়োজন বুলি তেওঁ বিবৃতিটোত উল্লেখ কৰে। আনহাতে, ৰাজনৈতিক দল গঠনৰ দাবী স্বতঃস্ফূৰ্তভাৱে ৰাইজৰ মাজৰ পৰা আহিব লাগিব বুলিও তেওঁ লগতে কয়।
আনহাতে, আদালতত হাজিৰ কৰোৱাৰ পিছত আজি পুনৰ অখিল গগৈক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।













