ASSAM TIMES POST
নিউজ ডেস্ক
ৰহস্যময় কৰ’না ভাইৰাছৰ ভয়ত কঁপিছে চিন। ১৮জনৰ মৃত্যুৰ পিছত দেশখনৰ পাঁচ চহৰক কার্যতঃ ‘বন্দী’ কৰিলে চীন চৰকাৰে।
চৌডি আৰবত কর্মৰত এক ভাৰতীয় নাৰ্ছৰ দেহতো পোৱা গৈছে কৰ’না ভাইৰাছ। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্রী ভি মুৰলীধৰণে বাতৰিৰ সত্যতা স্বীকাৰ কৰি জনাইছে, আক্রান্ত নাৰ্ছগৰাকী জেড্ডাৰ আছিৰ নেশনেল হাস্পতালত চিকিৎসাধীন হৈ আছে। ইফালে কৰ’না ভাইৰাছত আক্রান্তৰ যাতে দ্রুত চিকিৎসা হয় তাক নিশ্চিত কৰাৰ বাবে বিদেশ মন্ত্রী এছ জয়শঙ্কৰক পত্ৰ লিখিছে কেৰালাৰ মুখ্য মন্ত্রী পিনাৰাই বিজয়নে।

আনহাতে, সতর্কতা হিচাপে বেইজিঙৰ নির্দেশ, এই পাঁচ চহৰত কোনো বিমান উৰণ-অৱতৰণ নকৰাব। ৰে’লো নচলাব। বাসিন্দাসকলক কোৱা হৈছে, অতি প্রয়োজন অবিহনে চহৰৰ বাহিৰলৈ নাযাব।
বিশেষজ্ঞসকলৰ সন্দেহ, উহান চহৰৰ ছী-ফুড আৰু মাছ-মাংসৰ বজাৰৰ পৰাই ভাইৰাছটো বিয়পিছে। এই বজাৰত বিভিন্ন ধৰণৰ বন্যপ্রাণীৰ মাংস বেআইনীভাৱে বিক্রী হয়। সমগ্ৰ দেশজুৰি ৬৫০ৰো অধিক লোক এতিয়ালৈকে আক্রান্ত হৈছে। দেখা গৈছে, বিদেশত আক্রান্তসকলৰ বেছিভাগেই চীন-ফেৰত। সর্বশেষ খবটো আহিছে ছিঙ্গাপুৰৰ পৰা। ইয়াৰ পৰাই ভাইৰাছৰ ‘উৎস’ উহান, হুয়াংগেং আৰু ইঝৌ চহৰক ‘লকডাউন’ ঘোষণা কৰা হৈছে।

হুৱেই প্রদেশৰ বন্দৰ-চহৰ উহানত ১ কোটি ১০ লক্ষ মানুহৰ বসবাস। অনির্দিষ্টকালৰ বাবে ৰে’ল চলাচল, বিমান পৰিবহণ বন্ধ কৰি দিয়াত আতঙ্ক বিয়পিছে চহৰখনত বন্দী লোকসকলৰ মাজত। কালি উহানত ইয়াকে লৈ চৰকাৰী ঘোষণাৰ কেইবা ঘণ্টা পিছত একেই নির্দেশ আহে হুয়াংগেঙৰ বাসিন্দাসকললৈও। ৭৫ লক্ষ মানুহৰ বসবাস এই চহৰখনত। কালি মাজনিশা ৰে’লসহ চৰকাৰী পৰিবহণ ব্যবস্থা বন্ধ কৰি দিয়া হয়। বন্ধ চিনেমা হল, চাইবাৰ কাফে, বজাৰ-দোকানো। ইঝৌ চহৰতো একেই পথে হৈছে। নিশাৰ ফালে আৰু দুখন চহৰক ‘বন্দী’ ঘোষণা কৰা হয়। ৰে’ল-বিমানৰ লগতে ফেৰী, বাছ চলাচলো বন্ধ। এই চহৰসমূহৰ ষ্টেচনসমূহত নমোৱা হৈছে সেনা-আৰক্ষী। ষ্টেচনৰ প্রৱেশ পথত তালাচীচকী বহুওৱা হৈছে।

চীনা ছ’চিয়েল মিডিয়া ‘উইবো’ত ‘চহৰবন্দী’সকলৰ এজনে লিখিছে, ‘‘ভাব হৈছে যেন পৃথিৱীৰ শেষ দিন।’’ জানিব পৰামতে, ইতিমধ্যে খাদ্য-সামগ্ৰীৰো অভাৱ দেখা দিছে।
ছ’চিয়েল মিডিয়াত কান্দোনত ভাঙি পৰিছে বহুজন। উল্লেখ্য যে শনিবাৰ, ২৫ জানুৱাৰীত চীনৰ নৱবর্ষ। প্রবাসীসকলে দেশলৈ উভতি আহি পৰিয়ালৰ সৈতে সময় কটাব, উৎসৱত মিলিত হ’ব। উহানৰ ষ্টেচন, বিমানবন্দৰত ভিৰ উপচি পৰে। কিন্তু সেই ছবিখন এইবাৰ নাই।

উল্লেখ্য যে শ্বাস-প্রশ্বাসত বিয়পি পৰে ভাইৰাছটো। বিগত ৩১ ডিচেম্বৰত প্রথম ধৰা পৰিছিল। তাৰ পিছৰ পৰাই ১৭ জনৰ মৃত্যু হৈছে, আক্রান্ত ৫৭০জন। জাপান, হংকং, মেকাউ, দক্ষিণ কোৰিয়া, টাইৱান, থাইলেণ্ড, আমেৰিকা, চৌডি আৰব, ভিয়েটনাম আৰু সিঙ্গাপুৰৰ পৰাও খবৰ পোৱা গৈছে। অৱশ্যে বিশ্ব স্বাস্থ্য সংস্থাই জনাইছে, তেওঁলোকে এতিয়াও সিদ্ধান্ত লোৱা নাই যে ‘বিশ্বজুৰি স্বাস্থ্য সঙ্কট’ ঘোষণা কৰা হ’ব নে নহয়। সংস্থাৰ শীৰ্ষ প্রধানে কয়, ‘‘চীনে যি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে, সেয়া সঁচাকৈয়ে প্রশংসনীয়।’’













