ASSAM TIMES POST,ডিফুঃ আজি ডিফু হিল্ছ মেডিকেল কলেজ ও গৱেষণা কেন্দ্ৰৰ প্ৰাঙ্গনত ৭০ সংখ্যক বন মহোৎসৱত ১০ হাজাৰ বৃক্ষ পুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয় ৷ বৃক্ষ পুলি ৰোপণ কাৰ্যসূচীত মুখ্য ৰোপক হিচাপে অংশ গ্ৰহণ কৰে ৰাজ্য চৰকাৰ প্ৰভাৱশালী মন্ত্ৰী ডা: হিমন্ত বিশ্ব শৰ্মাই ৷
ডিফু হিলছ মেডিকেল কলেজৰ চৌপাশে বিশুদ্ধ অক্সিজেনৰ পৰিবেশ গঢ়ি তোলাৰ সপোনলৈ আৰম্ভ কৰা কাৰ্যসূচীত ভাষণ প্ৰসংগত মন্ত্ৰী ডা: হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ অনান্য চিকিৎসা মহাবিদ্যালয়ৰ দৰে ডিফু চিকিৎসা মহাবিদালয় প্ৰাংগণ বিভিন্ন গছ- গছনিৰ লগতে বিভিন্ন ঔষধি গছপুলি ৰোপণ কাৰ্য এক সৌভাগ্যৰ বিষয়৷ অহা নৱেম্বৰ মাহত মেডিকেল কাউঞ্চিল অব ইণ্ডিয়াই ডিফু চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰিবলৈ আহিব তাৰ পূৰ্বেই চিকিৎসা মহাবিদ্যালয় খনৰ ৩০০ খন বিছনাযুক্ত হাস্পাতলৰ কাম-কাজ কৰিব লাগিব ৷ পৰিদৰশনৰ পিছত MCI য়ে মহাবিদ্যালয় খনৰ অনুমতি প্ৰদান কৰিব ৷
সেয়ে যুদ্ধকালীন গতিৰে কাম সমূহ কৰি থকা হৈছে নে নাই তাৰ পৰ্যবেক্ষণ কৰি কামৰ খতিয়ান ল’বলৈ অহা বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে ৷ ইয়াৰোপৰি চিকিৎসা মহাবিদ্যালয় খনৰ অধ্যাপক, অধ্যাপিকাৰ নিযুক্তি প্ৰক্ৰিয়াও অতি শীঘ্ৰে আৰম্ভ কৰা হব৷ অধ্যাপক অধ্যাপিকাৰ নিযুক্তি প্ৰক্ৰিয়া একাংশ প্ৰত্যক্ষ ভাবে কৰাৰ বিপৰীতে একাংশ আন মহাবিদ্যালয়ৰ পৰা পদোন্নতি ক্ৰমে, কৰি অনা হব বুলি কয়৷
চিকিৎসা মহাবিদ্যালয়ৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ মৌখিক সাক্ষাতকাৰত সৰহ সংখ্যক থলুৱা ভাষা জনা যুৱক-যুৱতীক প্ৰাধান্য দিয়া হ’ব ৷ আনহাতে মেডিকেল কলেজ খনৰ নাম ভৰ্তিৰ ক্ষেত্ৰত এশখন আসনৰ ১৫খন ভাৰত চৰকাৰৰ বাবে সংৰক্ষিত থাকিব। বাকী আসনত অসম তথা কাৰবি আংলঙৰ ছাত্ৰ- ছাত্ৰীয়ে অধ্যয়ণ কৰাৰ সুবিধা পাব বুলি কয় মন্ত্ৰী গৰাকীয়ে ৷
আনহাতে অহা নৱেম্বৰ মাহৰ পিছৰপৰা অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যৌথ প্ৰচেষ্টাত ডিফুত কৰ্কটৰোগ চিকিৎসালয়ো স্থাপন কৰা হ’ব আৰু ইয়াৰ বাবে ইতিমধ্যে ভূমি আবণ্টণ পোৱা গৈছে বুলি জনায় ৷ ইফালে মন্ত্ৰী ছুম ৰংহাঙ আৰু মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙেও মূল্যবান ভাষণ প্ৰদান কৰে ৷ ইয়াৰ পূৰ্বে আজি স্থলপথেৰে ডিফুলৈ অহা মন্ত্ৰী ডা: হিমন্ত বিশ্ব শৰ্মাই ডিফু অসম ৰাইফলছৰ ১ নং গেটৰ ওচৰত কাৰবি আংলং জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ৰ আধাৰ শিলা স্থাপন কৰাৰ লগতে ডিফু মীন বিভাগৰ মুখ্য কাৰ্যালয়ৰ ওচৰত এখনি আটক ধুনীয়া আৰু মনোমোহা মৎস্য উদ্যানৰ শুভ উদ্ধোধন কৰে ৷