ASSAM TIMES POST
নিউজ ডেস্ক
অসমীয়া ভাষা-সাহিত্যৰ মহীৰূহ, ভাষাবিদ, সাহিত্যাচাৰ্য গোলোক চন্দ্ৰ গোস্বামীৰ আজি দেহাৱসান ঘটে।
অসমীয়া ভাষা–সাহিত্যৰ প্ৰখ্যাত গৱেষক, ভাষাচাৰ্য গোলোকচন্দ্ৰ গোস্বামীয়ে শুকুৰবাৰে পুৱা নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা গোস্বামীক যোৱা ২৫ নৱেম্বৰত গুৱাহাটীৰ কেজিএমটি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও স্বাস্থ্যৰ সামান্য উন্নতি ঘটাত নিজা ঘৰলৈ লৈ যোৱা হৈছিল।
গোলোক চন্দ্ৰ গোস্বামী আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক। অসমীয়া ভাষাৰ বিজ্ঞানসন্মত চৰ্চাত গুৰুত্বপূৰ্ণ ভুমিকা লোৱা ড০ গোস্বামীক ২০০২ চনত সাহিত্য সভাই সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰিছিল।
ইফালে অসমীয়া ভাষা-সাহিত্যৰ মহীৰূহগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আনহাতে, ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ব তেখেতৰ শেষকৃত্য।
১৯২৩ চনত মৰিগাঁৱত জন্মগ্ৰহণ কৰা গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম সাহিত্য সভাই। গোস্বামীৰ মৃত্যুৰ খবৰ পোৱা মাত্ৰকে অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশী গোস্বামীৰ গুৱাহাটীস্থিত বাসগৃহত উপস্থিত হৈ কয়, “আমি অসমীয়া ভাষা-সাহিত্যৰ এগৰাকী অভিভাৱক হেৰুৱালোঁ।” উল্লেখ্য যে গোস্বামীৰ নশ্বৰ দেহ অসম সাহিত্য সভা ভৱনলৈ আনি অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰিব অসম সাহিত্য সভাই।













