অসমৰ মহাবিদ্যালয়সমূহত শিক্ষক নিযুক্তি (Teacher Recruitment)ৰ বাবে নেট-শ্লেট অথবা পি এইচ ডি, এম ফিল আদি অৰ্জন কৰাৰ পিছতো আন এক বিশেষ লিখিত পৰীক্ষা (Special written test) অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলোৱা বুলি প্ৰচাৰিত বাতৰিয়ে ৰাজ্যখনৰ কলেজ শিক্ষকৰ চাকৰি প্ৰত্যাশীসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি (Causing a reaction) কৰিছে।
ইয়াৰে অংশ হিচাপে আজি ডিফুত অসম বিশ্ববিদ্যালয়ৰ (Assam University in Diphu Campus) ডিফু চৌহদত গৱেষক ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা বিভাগৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত (Protest held) কৰে। প্ৰতিবাদকাৰীসকলে হাতে হাতে ʼআমি কলেজ শিক্ষক নিযুক্তিৰ বাবে প্ৰস্তুত কৰা খচৰাখনৰ সম্পূৰ্ণ বিৰোধিতা কৰিছোঁʼ, ʼউচ্চ শিক্ষাৰ ক্ষেত্ৰখনত গৱেষণাৰ গুৰুত্বক নস্যাৎ কৰি নেপেলাবʼ, ʼবছৰজোৰা সাধনাৰে লাভ কৰা গৱেষণা কৰ্ম আৰু গৱেষকসকলক মূল্যহীন নকৰিবʼ আদি শ্লʼগান সম্বলিত প্লেকাৰ্ড প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱা একাংশ গৱেষক ছাত্ৰই চৰকাৰৰ এনে পদক্ষেপৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউ জি চি)ৰ গৱেষণা বিষয়ত ভিত্তি কৰি মহাবিদ্যালয়সমূহত শিক্ষকতা কৰাৰ কথা কোৱা হৈছে যদিও অসম চৰকাৰে ইয়াৰ বিপৰীত স্থিতি গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। শিক্ষা বিভাগৰ নতুন চিলেবাছত এম ফিল তথা পি এইচ ডি কৰাসকলক কোনো মান্যতা প্ৰদান কৰা নাই বুলি অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে নেট-শ্লেটৰ দৰে সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত পুনৰ অসম চৰকাৰে আয়োজন কৰা পৰীক্ষাত অৱতীৰ্ণ হোৱাটোৱে এইসকল প্ৰাৰ্থীক নস্যাৎ কৰা বুলি অভিহিত কৰে।
স্নাতক মহলাৰ পাঠ্যক্ৰম তিনি বছৰীয়া আৰু চাৰি বছৰীয়া হোৱাৰ প্ৰসংগ উল্লেখ কৰি চতুৰ্থ বৰ্ষত গৱেষণাৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হৈছে যদিও শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত গৱেষণাৰ বিষয়টোক যদি নস্যাৎ কৰা হয় তেন্তে চতুৰ্থ বৰ্ষৰ এইসকল শিক্ষাৰ্থীক কোনে পাঠদান কৰিব বুলিও প্ৰশ্ন উত্থাপন কৰে। বছৰ বছৰজোৰা কষ্টসাধ্য গৱেষণাৰ অন্তত একো একোখন থেচিচ প্ৰস্তুত কৰা হয় বুলি মন্তব্য কৰি অসম চৰকাৰে এনে গৱেষণাক মূল্যহীন কৰি পূৰ্বৰ এ পি এছ চি কেলেংকাৰীৰ দৰে স্বজন তোষণেৰে কলেজ শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰা বুলি আশংকা প্ৰকাশ কৰে। এনে ব্যৱস্থাই এ পি এছ চিৰ দৰে এক বৃহৎ কেলেংকাৰীৰ সূচনা কৰিব বুলি সন্দেহ ব্যক্ত কৰি খচৰাখন শীঘ্ৰে বাতিল কৰাৰ দাবী জনায়।