ASSAM TIMES POST
বিশেষ প্ৰতিবেদক
এক কৰুণ ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত। মহানগৰীৰ বায়াৰলেছৰ বশিষ্ঠপুৰত সংঘটিত এক অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱটি ল’বলগা হয় দুটি কণমানি শিশুৱে।
ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণত বশিষ্ঠপুৰৰ ১ নম্বৰ উপ-পথৰ তুষাৰ গোস্বামী আৰু শিল্পী গোস্বামীৰ ঘৰত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক আঁকোৱালি লয় গোস্বামী দম্পতিৰ দুই সন্তান ক্ৰমে ঈশান গোস্বামী (৪) আৰু ইবন গোস্বামী (৭) নামৰ ফুলকুমলীয়া শিশু দুটিয়ে। উল্লেখ্য যে নিহত শিশু দুটি শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ ছাত্ৰ।
মৰ্মান্তিক ঘটনাটি সংঘটিত হোৱাৰ পিছত শিশু দুটিৰ পিতৃ-মাতৃ ঘৰত নাছিল। অগ্নিকাণ্ডৰ ফলত মুহূৰ্ততে জুইৰ লেলিহান শিখাই ঘৰটো আৱৰি ধৰাত দুৰ্ভগীয়া শিশু দুটি ঘৰৰ ভিতৰতে আবদ্ধ হৈ পৰে। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন আৰু জৰুৰীকালীন সেৱাৰ কর্মী উপস্থিত হৈছিল যদিও শিশু দুটিক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল।
উল্লেখ্য যে নিহত শিশু দুটিৰ পিতৃ তুষাৰ গোস্বামী এগৰাকী ভূ-তত্ত্ববিদ।
ইফালে শিশু দুটিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আনহাতে, সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে কামৰূপ মহানগৰ জিলা উপায়ুক্তক নির্দেশ প্ৰদান কৰিছে মুখ্য মন্ত্ৰীয়ে।













