ASSAM TIMES POST
বিশেষ প্ৰতিবেদন
ৰিলায়েন্সৰ মালিক মুকেশ আম্বানী। ভাৰতৰ সকলোতকৈ ধনী ব্যক্তি। আম্বানী পৰিয়ালো দেশৰ সবাতোকৈ ধনী পৰিয়াল। কেৱল ভাৰতৰেই কিয়, এছিয়াৰ ভিতৰতেই প্ৰথম আৰু বিশ্বৰ ভিতৰত শীৰ্ষ ১০ ধনী ব্যক্তিৰ এজন।
এই পৰিয়ালৰ ল’ৰা-ছোৱালীয়ে যে মিতব্যয়ীতাৰে দিন নকটাব, তাক কোৱাৰ অপেক্ষাত আছে নেকি? জন্মৰ পৰাই এওঁলোকৰ লালন-পালনো নিশ্চয় তেনেদৰেই হৈছে। অথচ মুকেশ আৰু নীতাই স্কুলত পঢ়াৰ সময়ত তেওঁলোকৰ ল’ৰা-ছোৱালীক কিমান টকা পকেট খৰচ হিচাপে দিয়ে জানেনে? জানিলে নিশ্চয় অবাক হ’ব।
১৯৮৫ চনত ভাৰতৰ সকলোতকৈ ধনী পৰিয়ালত বিয়া হয় নীতি আম্বানিৰ। বিয়াৰ ঠিক এক বছৰ পিছত নীতা আম্বানীয়ে জানিবলৈ পাৰে যে তেওঁৰ কিছু সামাজিক সমস্যা আছে। যাৰবাবে তেওঁ স্বাভাৱিকভাৱে মা হ’ব নোৱাৰিব।
আম্বানী পৰিয়ালৰ বোৱাৰী হোৱা সত্ত্বেও নিজকে সদায় মধ্যবিত্ত হিচাপে ভাবিছিল নীতা আম্বানীয়ে। সৰুৰে পৰাই তেওঁৰ সপোন আছিল শিক্ষয়িত্ৰী হোৱাৰ। নিজৰ সেই সপোনো পূৰণ কৰিছিল নীতাই।
ধীৰুভাই আম্বানী ইণ্টাৰনেচনেল স্কুলৰ দায়িত্ব লৈয়েই ক্ষান্ত থকা নাছিল নীতাই। আইপিএল দল, ব্যৱসায় আৰু সংসাৰ, একেলগে সকলোবোৰেই সুন্দৰভাৱে চম্ভালিছে তেওঁ। নিজে পিতৃ-মাতৃৰ পৰা যি শিক্ষা লাভ কৰি ডাঙৰ হৈছিল, ল’ৰা-ছোৱালীৰ মাজতো সেই আদৰ্শ আৰু সংস্কাৰ গঢ়ি তোলাৰ চেষ্টা কৰিছিল।
নীতা আম্বানী মুম্বাইত এক যৌথ পৰিয়ালত ডাঙৰ-দীঘল হৈছিল। তেওঁৰ দুগৰাকী ভগ্নী আৰু খুৰাকহঁতৰ দহগৰাকী ভাতৃ-ভগ্নীৰ লগত মিলিজুলি ডাঙৰ হৈছিল। ডাঙৰ সংসাৰ কেনেদৰে চম্ভালিব লাগে তাক সৰুৰে পৰাই পিতৃ-মাতৃৰ পৰা শিকিছিল। সৰুতে তেওঁলোকে ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰিছিল।
এতিয়া নিজৰ ল’ৰা-ছোৱালীকো তেওঁ সেই আদৰ্শৰেই ডাঙৰ-দীঘল কৰিছে। বহু প্ৰচেষ্টাৰ মূৰত বিয়াৰ ৭ বছৰ পিছত মুকেশ-নীতাই প্ৰথম সন্তানৰ মুখ দেখে। জন্ম হয় তেওঁলোকৰ যমজ সন্তান। ১৯৯১ চনত ঈশা আৰু আকাশক জন্ম দিয়ে নীতাই।
ঈশা আৰু আকাশৰ কেইবা বছৰ পিছত, ১৯৯৫ চনত আম্বানী পৰিয়ালৰ কনিষ্ঠ সন্তান অনন্ত আম্বানীৰ জন্ম হয়।
জানি আচৰিত হ’ব, নীতা আম্বানীয়ে তেওঁৰ তিনিও সন্তানকে স্কুলত পঢ়াৰ সময়ত পকেট খৰচ হিচাপে দিছিল মাত্ৰ ৫ টকা!
ইয়াকে লৈ বহু সমযত সহপাঠীৰ পৰা ঠাট্টা-মস্কৰাও পাইছিল। কেণ্টিনত কিবা কিনাৰ সময়ত পকেটৰ পৰা ৫ টকা উলিয়ালেই সহপাঠীসকলে বিদ্ৰূপৰ হাঁহি মাৰিছিল।
আম্বানীৰ ল’ৰা-ছোৱালী ভিখাৰীৰৰ নেকি! এনেধৰণৰ কথাও শুনিবলগা হৈছিল তেওঁলোকে। এবাৰ কনিষ্ঠ পুত্ৰ অনন্তই মাতৃৰ পৰা পকেট খৰচ ৫ টকা ল’বলৈ অস্বীকাৰো কৰিছিল। ইয়াৰ সলনি ১০ টকা দাবী কৰিছিল। এক সাক্ষাত্কাৰত এই কথা জনাইছিল নীতা আম্বানীয়ে।
অৱশ্যে এইবোৰক লৈ কেতিয়াও মূৰ ঘমোৱা নাছিল নীতা বা মুকেশ আম্বানীয়ে। বৰং সকলো সময়তেই অৰ্থৰ অপচয় নকৰাৰ শিক্ষাই দিছিল তেওঁলোকৰ সন্তানক।













