
ডেলিভাৰী বয়ক প্ৰাণে মৰাৰ ভাবুকি আৰু উপৰ্যুপৰি প্ৰহাৰ কৰি নিলম্বন হোৱা পাণবজাৰ থানা (Panbazar Police Station)ৰ অ’চি ভাৰ্গৱ বৰবৰা (OC Bhargava Barbara)ৰ বিপদ বাঢ়িছে৷ উল্লেখ্য যে এজন ডেলিভাৰী বয়ক ব্যস্ত ফাঁচীবজাৰৰ ব্যস্ত ৰাজপথতে নিৰ্দয়ভাৱে প্ৰহাৰ কৰিছিল ভাৰ্গৱ বৰবৰাই। ইয়াৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিচতে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু সকলোৱে একেমুখে গৰিহণা দিয়ে৷ আনহাতে, এই ঘটনা পোহৰলৈ অহাৰ পিছতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে তৎকালে বলৱৎ হোৱাকৈ ভাৰ্গৱ বৰবৰাক নিলম্বনৰ নিৰ্দেশ দিয়ে৷ ইফালে এই ঘটনাৰ পিছতে ভাৰ্গৱ বৰবৰাৰ নিৰ্মম কাণ্ডৰ কেইবাটাও ঘটনা পোহৰলৈ আহে৷

দীঘলীপুখুৰী পাৰতো ভাৰ্গৱ বৰবৰাই কেইদিনমান পূৰ্বে প্ৰতিবাদকাৰী ছাত্ৰৰ ওপৰত অত্যাচাৰৰ অভিযোগ উঠিছে৷ আনহাতে, গোৱালপাৰাত কৰ্মৰত হৈ থকা অৱস্থাত এইগৰাকী বিতৰ্কিত আৰক্ষী বিষয়াই লকআপৰ ভিতৰতে এজন যুৱকক হত্যা কৰাৰ অভিযোগ আছে৷
তাৰ মাজতে নিলম্বিত পাণবজাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে মুঠ পাঁচটাকৈ ধাৰাত গোচৰ ৰুজু (Case filed under five sections each) কৰা হৈছে। ইয়াৰে ভিতৰত এটা হৈছে জামিনবিহীন গোচৰ৷ পাণবজাৰ থানাত ভাৰতীয় ন্যায় সংহিতাৰ 109/166/196/127(2)/351ৰ অধীনত মুঠ 5 টা ধাৰাত তেওঁৰ বিৰুদ্ধে গোটৰ ৰুজু কৰা হৈছে। গোচৰৰ নম্বৰ হৈছে 125/24। ভাৰ্গৱ বৰবৰাৰ আক্ৰমণৰ বলি হোৱা জ্ঞানদ্বীপ হাজৰিকা নামৰ ডেলিভাৰী বয়জনৰ লগতে আন কেইবাজনো লোকে তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷













