ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বিশ্বক আৱৰা অষ্ট্ৰেলিয়াৰ দাবানলৰ ধোঁৱাই আশঙ্কা বঢ়াইছে ভাৰতৰো

ASSAM TIMES POST by ASSAM TIMES POST
January 23, 2020
Reading Time: 1 min read
A A
0
বিশ্বক আৱৰা অষ্ট্ৰেলিয়াৰ দাবানলৰ ধোঁৱাই আশঙ্কা বঢ়াইছে ভাৰতৰো

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

বিশেষ প্ৰতিবেদন

অষ্ট্ৰেলিয়াৰ ভয়াৱহ দাবানল কি ভাৰতৰ বাবেও চিন্তাৰ কাৰণ হ’বলৈ গৈ আছে? আমাৰ বায়ুমণ্ডলতো প্ৰচুৰ পৰিমাণে সি ভৰাই পেলাইছে নেকি ভয়ঙ্কৰ বিষ কণিকা ‘এৰ’ছল্‌ছ’?

বতাহত ভাসমান এই ধূলিকণাসমূহ (এৰ’ছল্‌ছ) আমাৰ শ্বাসৰ বতাহকতো অধিক বিষময় কৰিবই, কাৰণ হৈ উঠিব পাৰে শ্বাসকষ্টজনিত নানা ধৰণৰ ৰোগ বৃদ্ধিৰো। বিশেষজ্ঞসকলে কৈছে, ‘‘এই ভয়াৱহ দাবানলৰ ফলত ভাৰতৰ বায়ুমণ্ডল অধিক বিষাক্ত হৈ উঠাৰ আশঙ্কা ঘনীভূত হৈ উঠিছে। পৃথিৱীৰ বায়ুমণ্ডলত যিমান পৰিমাণৰ এৰ’ছল্‌ছ থাকিলে মোটামুটিভাৱে স্বাভাৱিক বুলি ধৰা হয়, ভাৰতত ইতিমধ্যেই তাৰ পৰিমাণ ৩ৰ পৰা ৪ গুণ বেছি।’’

আশঙ্কাৰ কাৰণ নাছা আৰু আমেৰিকাৰ ‘নেচনেল অ’চনিক এণ্ড এটম’স্ফেয়াৰিক এডমিনিষ্ট্ৰেচনৰ উপগ্রহ ‘ছুঅ’মি এনপিপি’-এ পঠিওৱা ছবি আৰু তথ্যাদি। য’ত দেখা গৈছে, এই দাবানলৰ ধোঁৱাই ইতিমধ্যেই সনমগ্ৰ বিশ্ব পৰিক্রমা কৰি পেলাইছে। আৰু সেই পৰিক্রমাৰ পিছত সি এইবাৰ উভতি গৈছে পূব অষ্ট্ৰেলিয়ালৈ। আৰু তাৰ প্ৰভাৱত প্রচুৰ পৰিমাণে এৰ’ছল্‌ছ জমা হৈছে পৃথিৱীৰ বায়ুমণ্ডলত।

image 14 | ASSAM TIMES POST

২৮ বছৰ পূৰ্বে এনেকুৱা ঘটনাই ঘটিছিল বিশ্ব হিমায়ন

দিল্লীৰ ‘ইণ্ডিয়ান ইনষ্টিটিউট অব টেকন’লজী (আইআইটি)’ৰ ‘চেণ্টাৰ ফৰ এটমস্ফেৰিক ছায়েন্স’ৰ অধ্যাপক সাগ্নিক দে’ই কৈছিল, ‘‘অষ্ট্ৰেলিয়াৰ ভয়াৱহ দাবানল সমগ্ৰ বিশ্বৰ বাবেই উদ্বেগৰ কাৰণ হৈ উঠিব পাৰে। প্রায় একেই ধৰণৰ ঘটনা ঘটিছিল ইণ্ডোনেছিয়াত। ১৯৯২ চনত, ‘পিনাটুবো’ আগ্নেয়গিৰিৰ বিস্ফোৰণৰ পিছত। বায়ুমণ্ডল ভৰি পৰিছিল এৰ’ছল্‌ছ কণিকা। এই ঘটনাত কেইবা মাহৰ বাবে পৃথিৱীৰ তাপমাত্রা কমি গৈছিল প্রায় অর্ধেক ডিগ্রী চেলচিয়াছ। যাক কোৱা হয়, ‘গ্লোবেল কুলিং’। বা ‘বিশ্ব হিমায়ন’। হয়, এই উত্তৰোত্তৰ উষ্ণায়নৰ সময়তো।’’

এইবাৰো তাৰ আশঙ্কা উৰাই পেলাব নোৱাৰি বুলি ভাবিছে বিশেষজ্ঞসকলে। তেওঁলোকৰ বক্তব্য, এই ভয়াৱহ দাবানলৰ ধোঁৱা যিহেতু বিয়পি পৰিছে সমগ্ৰ বিশ্বৰ বায়ুমণ্ডলত, আৰু সি ইতিমধ্যেই কার্যত সমগ্ৰ বিশ্বক পৰিক্রমা কৰিছে, সেয়ে এই ঘটনাৰ পিছতো এৰ’ছল্‌ছ কণিকাৰ পৰিমাণ বায়ুমণ্ডলত অস্বাভাৱিকভাৱে বাঢ়ি গৈ বিশ্ব হিমায়ন ঘটাব পাৰে, সাময়িকভাৱে।

3846 | ASSAM TIMES POST

এৰ’ছল্‌ছ কণিকা কি?

কল-কাৰখানাৰ প্ৰদূষণ, জুইৰ ধোঁৱা, ধূলি-বালি, সামুদ্রিক লোণ, আগ্নেয়গিৰিৰ ছাই আৰু ধোঁৱাৰ পৰা এৰ’ছল্‌ছ কণিকাবোৰ উত্পন্ন হয়। ই সাধাৰণতে কঠিন আৰু গেছীয় পদার্থৰ দুয়োটা অৱস্থাতে থাকে। অৱশ্যে গেছীয় অৱস্থাত থাকিলেও পিছত সি কঠিন অৱস্থালৈ ৰূপান্তৰিত হয়।

‘‘হাপানিৰ দৰে শ্বাসকষ্টজনিত বিভিন্ন ৰোগত যি ভুগি আছে, এৰ’ছল্‌ছ কণিকা তেওঁলোকৰ পক্ষে অত্যন্ত ক্ষতিকাৰক।’’ এই কথা প্ৰকাশ কৰিছে হৃদৰোগ বিশেষজ্ঞ অচ্যুত সৰকাৰে।

সাগ্নিকে কয়, ‘‘এৰ’ছল্‌ছ কণিকাই জলবায়ুৰ ওপৰত যথেষ্ট প্রভাৱ পেলাব পাৰে। সি যিমান উষ্ণায়নৰ কাৰণ হ’ব পাৰে, সিমানেই কাৰণ হ’ব পাৰে হিমায়নৰো। ই যিমান পৰিমাণৰ অতি শক্তিশালী অতিবেগুনীয়া ৰশ্মি শোষণ কৰিব পাৰে, সিমান পৰিমাণতে সেইবোৰৰ বিচ্ছুৰণো ঘটাব পাৰে।’’

4032 | ASSAM TIMES POST

উপগ্রহৰ পর্যবেক্ষণে কিয় আশঙ্কাৰ জন্ম দিছে?

বৰ্ধিত উদ্বেগৰ কাৰণ, নাছা আৰু নোৱাৰ ‘ছুঅ’মি এনপিপি উপগ্রহ’ই পঠিওৱা ছবি আৰু তথ্যাদিয়ে ইয়াকো জনাইছে যে সেই এৰ’ছল্‌ছ কণিকাবোৰ আৰু বায়ুমণ্ডলৰ সকলোতকৈ নিম্ন স্তৰত (আমাৰ সকলোতকৈ ওচৰৰ বায়ুমণ্ডল, যাক ‘ট্রপোস্ফিয়াৰ’ বলা হয়) নাই। সি উপনীত হৈছেগৈ বায়ুমণ্ডলৰ আৰু ওপৰৰ স্তৰত, যাৰ নাম ‘ষ্ট্ৰেটোস্ফিয়াৰ’।

সাগ্নিকৰ ভাষাত, ‘‘এইটোৱেই আমাৰ উদ্বেগ, আশঙ্কা বঢ়াইছে।’’

image 1 9 | ASSAM TIMES POST

এৰ’ছল্‌ছ উপনীত হৈছে ষ্ট্ৰেটোস্ফিয়াৰত !

কেনেদৰে উপনীত হৈছে তাক ব্যাখ্যা কৰাৰ পূৰ্বে এইটো বুজা যাওক ট্রপোস্ফিয়াৰ আৰু ষ্ট্ৰেটোস্ফিয়াৰ বুলিলে কি বুজায়? সমুদ্রপৃষ্ঠৰ পৰা দুই মেৰুত সর্বাধিক যি স্তৰৰ উচ্চতা হয় ৭ৰ পৰা ৮ কিলোমিটাৰ বা ৫ মাইল। আৰু নিৰক্ষৰেখাত বা তাৰ সীমান্তৱৰ্তী এলেকাত ট্রপোস্ফিয়াৰ থাকে সমুদ্রপৃষ্ঠৰ পৰা সর্বাধিক ১৬ বা ১৮ কিলোমিটাৰ (১০ৰ পৰা ১১ মাইল) বা ৩৩ হাজাৰ ফুট উচ্চতা পর্যন্ত। নিৰক্ষৰেখাত সেইটো ৬৫ হাজাৰ ফুট পর্যন্তও কেতিয়াবা কেতিয়াবা উঠি যাব পাৰে। অৱশ্যে শীত আৰু গ্রীষ্মত ট্রপোস্ফিয়াৰৰ উচ্চতা হ্ৰাস-বৃদ্ধি কৰে। ফলত, শীতত কমি গৈ হ’ব পাৰে ২৩ হাজাৰ ফুট পৰ্যন্ত। পৃথিৱীৰ বায়ুমণ্ডলৰ মুঠ ভৰৰ ৭৫ৰ পৰা ৮০ শতাংশই এই ট্রপোস্ফিয়াৰৰ ভৰ। যিমান প্ৰকাৰৰ মেঘ আছে, তাৰ বেছিভাগেই থাকে ট্রপোস্ফিয়াৰত।

3024 | ASSAM TIMES POST

এৰ’ছলৰ পৰিমাণ ষ্ট্ৰেটোস্ফিয়াৰত বঢ়াৰ পৰিণাম

সাগ্নিকৰ ব্যাখ্যা অনুযায়ী, ‘‘ট্রপোস্ফিয়াৰত যিমানে ওপৰলৈ উঠা যায়, সিমানেই তাপমাত্রা কমি থাকে। কিন্তু ষ্ট্ৰেটোস্ফিয়াৰত ওপৰলৈ উঠাৰ লগে লগে তুলনামূলকভাৱে গড় তাপমাত্রা বাঢ়ে। ট্রপোস্ফিয়াৰৰ দৰে ষ্ট্ৰেটোস্ফিয়াৰৰ সঘনাই সালসলনি নঘটে। সেয়ে তাত এৰ’ছল্‌ছ কণিকাবোৰ উপনীত হ’লে তাত সি দীর্ঘ দিন থাকি যায়। যিটো ট্রপোস্ফিয়াৰত নহয়। তাত জমা হোৱা এৰ’ছল্‌ছ কণিকা বৰষুণৰ লগত উটি যায়।

তাৰ ফলত, এৰ’ছল্‌ছ কণিকাবোৰ যদি ক্রমশঃ ষ্ট্ৰেটোস্ফিয়াৰৰ এটি স্তৰৰ পৰা তাৰ ওপৰৰ স্তৰত উপনীত হয়, তেতিয়াহ’লে সেই কণিকাবোৰ নিশ্চিতভাৱেই অধিক বৃদ্ধি কৰিব ষ্ট্ৰেটোস্ফিয়াৰৰ তাপমাত্রা। অৱশ্যে সেইটো কিমান বিপজ্জনক হ’ব তাক নির্ভৰ কৰিছে ষ্ট্ৰেটোস্ফিয়াৰত কিমান উচ্চতা পর্যন্ত সেই এৰ’ছল্‌ছ কণিকা গৈ পাইছে, আৰু তাত এৰ’ছল্‌ছ কণিকাবোৰৰ স্তৰ কিমান পূৰ্ণ হৈছে, তাৰ ওপৰতেই।’’

‘ছুঅ’মি এনপিপি উপগ্রহ’ই পঠিওৱা ছবি আৰু তথ্যাদিৰ ভিত্তিতেই সেই বিষয়সমূহ হিচাপ কৰি চাবলৈ আৰম্ভ হৈছে বুলে জনায় সাগ্নিকে।

Tags: Featured
Share9Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন
Dima Hasao

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

August 4, 2026
50
Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত
National-International

Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

August 4, 2026
50
Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো
National-International

Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

August 4, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

August 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

August 4, 2026
Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

August 4, 2026
Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

August 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx