ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

Assam Police : ৰাজপথত আৰক্ষী বিষয়াৰ বাইক চালকক প্ৰহাৰ, মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া প্ৰকাশ

নিউজ ডেস্কঃ

News Desk by News Desk
November 16, 2024
Reading Time: 1 min read
A A
0

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

শুকুৰবাৰে ব্যস্ত গুৱাহাটী মহানগৰীৰ (Guwahati City) ৰাজপথত এগৰাকী আৰক্ষী বিষয়াই নিৰ্মমভাৱে (Police officer brutality) এগৰাকী বাইক চালকক প্ৰহাৰ কৰাৰ ঘটনাৰ প্ৰতিক্ৰিয়া এতিয়াও মাৰ যোৱা নাই। সামাজিক মাধ্যমত আৰক্ষী বিষয়াগৰাকীয়ে বাইক চালকজনক তীব্ৰ প্ৰহাৰ (Bike driver beaten up) কৰাৰ ভিডিও ভাইৰেল হোৱাৰ পিছতে তীব্ৰ সমালোচনাৰ জোৱাৰ উঠাৰ লগতে আৰক্ষীৰ এনে আচৰণক সকলোৱে একেমুখে গৰিহণা দিয়ে। ইফালে এই ঘটনাৰ ভিডিও ব্যাপকভাৱে ভাইৰেল হোৱাৰ পিছত গৃহ বিভাগে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হয়। অসম আৰক্ষীৰ ডিজিপি জি পি সিঙে ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে অভিযুক্ত আৰক্ষী বিষয়াজনক নিলম্বনৰ নিৰ্দেশ দিয়ে।

এইবাৰ এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ (Reacting) কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma)। নিজৰ সামাজিক মাধ্যমৰ এটা পোষ্টত মুখ্যমন্ত্ৰীয়ে লিখিছে, “অসম আৰক্ষীয়ে ৰাজপথত সাধাৰণ নাগৰিকৰ বিৰুদ্ধে অপ্ৰয়োজনীয়ভাৱে শক্তি প্ৰয়োগ কৰা উচিত নহয়৷ বিপৰীতে মৰ্যাদা আৰু সন্মানেৰে জনসাধাৰণক সেৱা আৰু সুৰক্ষা প্ৰদান কৰা শক্তিলৈ আৰক্ষী ৰূপান্তৰ হ’ব লাগিব। অনিয়ন্ত্ৰিত ক্ষমতাৰ সেই দিনবোৰ এতিয়া অতীত হ’ল। আৰক্ষীয়ে ৰক্ষা কৰিবলৈ লোৱা মানুহখিনিৰ বিৰুদ্ধে কৰ্তৃত্বৰ অপব্যৱহাৰ বা হিংসা সমাজে আৰু সহ্য নকৰে।”

ইয়াৰ উপৰি তেওঁ লিখিছে, “আৰক্ষীয়ে সংস্কাৰ, জবাবদিহিতা আৰু মমত্বক আঁকোৱালি লোৱাৰ সময় আহি পৰিছে। লগতে, এই মূল্যবোধসমূহক সঁচা অৰ্থত ৰক্ষা কৰা শক্তি এটাৰ বাবে নতুন পথ সৃষ্টি কৰিবলৈ খোজ দিয়াৰ সময় আহি পৰিছে।”

police | ASSAM TIMES POST
ৰাজপথত আৰক্ষী বিষয়াৰ বাইক চালকক প্ৰহাৰ, মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া প্ৰকাশ

উল্লেখযোগ্য যে গুৱাহাটী মহানগৰীৰ ফাঁচী বজাৰত শুকুৰবাৰে এজন সামগ্ৰী ডেলিভাৰী কৰা যুৱকক যুৱকক পাণবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাৰ্গৱ বৰবৰাই ৰাজহুৱাভাৱে প্ৰহাৰ কৰে। সেই সময়ত ঘটনাস্থলীত উপস্থিত থকা কোনো ব্যক্তিয়ে এই দৃশ্য মোবাইলত বন্দী কৰি সামাজিক মাধ্যমত আপলোড কৰে। এই ভিডিওটোত দেখা গৈছে আৰক্ষী বিষয়াগৰাকীয়ে যুৱকজনক নিৰ্মমভাৱে প্ৰহাৰ কৰি থকাৰ দৃশ্য। আনহাতে, ভিডিওটোত স্পষ্টকৈ শুনা গৈছে যে আৰক্ষী বিষয়াজনে যুৱকজনক ‘মাৰি পেলাম মাৰি পেলাম’ বুলি কৈ প্ৰহাৰ কৰি আছিল। যুৱকজনৰ মুখত আৰক্ষী বিষয়াজনে উপৰ্যুপৰি ঘোচা মৰাৰ দৃশ্যও ৰেকৰ্ড হৈছিল।

অভিযোগ অনুসৰি আৰক্ষী বিষয়াজনে সামগ্ৰী ডেলিভাৰী কৰা যুৱকজনক সামান্য কথাতে ৰাজহুৱাভাৱে মাৰধৰ কৰে। এই দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু তাৎক্ষণিকভাৱে আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাক নিলম্বন (Bhargava Barbara suspended) কৰা হয়।

এই সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে সামাজিক মাধ্যমত লিখিছে, “পাণবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ আচৰণ গ্ৰহণযোগ্য নহয়। তেওঁক তাৎক্ষণিকভাৱে নিলম্বন কৰাৰ লগতে বিভাগীয় তদন্তৰ নিৰ্দেশ দিয়া হৈছে। মহানগৰ আৰক্ষী আয়ুক্তক তাৎক্ষণিকভাৱে আন এজন বিষয়াক তেওঁৰ স্থানত নিযুক্তি দিবলৈ পৰামৰ্শ দিয়া হৈছে।”

Tags: BhargavaBarbaraBikedriverbeatenupGuwahatiPoliceGuwahatiPoliceBeatenUpবাইকচালককপ্ৰহাৰভাৰ্গৱবৰবৰা
Share4Tweet3Send

Related Posts

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

by Staff Reporter
July 14, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

by Staff Reporter
July 13, 2026
50
Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings
Guwahati

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

by ASSAM TIMES POST
July 1, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

by News Desk
June 27, 2026
50
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

by News Desk
June 18, 2026
50
Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ
Guwahati

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

by News Desk
June 10, 2026
50
ADVERTISEMENT
Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
50
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
50
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত
Dima Hasao

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026
50
Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ
National-International

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

July 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx