ASSAM TIMES POST
বিশেষ প্ৰতিবেদক
আজি গুৱাহাটী চিকিত্সা মহাবিদ্যালয় প্ৰেক্ষাগৃহত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত অস্ত্ৰ সম্বৰণ কৰে ৮টাকৈ বিদ্ৰোহী সংগঠনৰ ৬৪৪জন কেডাৰে। ৰাজ্য চৰকাৰৰ উদ্যোগত আয়োজিত এই অস্ত্ৰ সম্বৰণ অনুষ্ঠানত ইতিমধ্যেই আত্মসমৰ্পণ কৰা আৰু নতুনকৈ আত্মসমৰ্পণ কৰা বিদ্ৰোহী সংগঠন কেইটাৰ কেডাৰসকলে আনুষ্ঠানিকভাৱে অস্ত্ৰ সম্বৰণ কৰি মূল সুঁতিলৈ উভতি আহে।

আত্মসমৰ্পণ অনুষ্ঠানত আলফা (স্বাঃ)ৰ ৫০জন, এনডিএফবিৰ ৮জন, কেএলঅ’ৰ ৬জন, আৰএনএলএফৰ ১৩জন, চিপিআই(এম)ৰ ১জন, এনএছএলআৰৰ ৮৭জন, এডিএফৰ ১৭৮জন আৰু এনএলএফবিৰ ৩০১জন কেডাৰে অস্ত্ৰ সম্বৰণ কৰে। এই কথা জানিবলৈ দিয়ে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই। আনহাতে, এই কেডাৰসকলে ১৭৭টা বিভিন্ন ছিৰিজৰ ৰাইফল, ১৬৮৬টা সজীৱ গুলী, ৫২টা গ্ৰেণেড, ৭১টা বোমা, ৩টা ৰকেট লান্সাৰ, ৫৮টা মেগজিন, ১৭খন খুকুৰিৰ লগতে অন্যান্য বহু সামগ্ৰীও জমা দিয়া বুলি তেওঁ জানিবলৈ দিয়ে।

উল্লেখ্য যে অসম চৰকাৰৰ গৃহ বিভাগ আৰু অসম আৰক্ষীৰ বিশেষ শাখাৰ উদ্যোগত আয়োজিত অস্ত্ৰ সম্বৰণ কাৰ্যসূচীলৈ অহা প্ৰতিগৰাকী বিদ্ৰোহী কেডাৰক গামোচা পিন্ধাই প্ৰেক্ষাগৃহৰ ভিতৰলৈ আদৰণি জনোৱা হয়। লগতে মুখ্য মন্ত্ৰীয়ে সদস্যসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। অস্ত্ৰ সম্বৰণ কৰা বিদ্ৰোহী কেডাৰসকলক সম্বোধন কৰি মুখ্য মন্ত্ৰীয়ে কয়, “আজিৰ দিনটো এক ঐতিহাসিক দিন। নৱ প্ৰজন্মক আমি মানুহ হিচাপে গঢ় দিব লাগিব।”

কাৰ্যসূচীত উপস্থিত থাকি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কয়, “যিসমূহ অস্ত্ৰ কেডাৰসকলে জমা দিছে, বেছিভাগেই শক্তিশালী। এই সময়ত এই শক্তিশালী অস্ত্ৰসমূহ আমাৰ হাতলৈ অহাটো এটা শুভ লক্ষণ। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বিশেষকৈ বিটিএডিত নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অস্ত্ৰসমূহ আমাৰ হাতলৈ গুচি অহাটো গুৰুত্বপূৰ্ণ কথা হৈছে।”

অস্ত্ৰ সম্বৰণ কাৰ্যসূচীত মুখ্য মন্ত্ৰীৰ উপৰি উপস্থিত থাকে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ তথা সেনাবাহিনীৰ বহুকেইজন শীর্ষ বিষয়া।













