ASSAM TIMES POST
ডিফুঃ কাৰবি আংলং জিলাৰ মনোমোহা প্ৰাকৃতিক দৃশ্য আৰু নৈসৰ্গিক পৰিবেশৰ প্ৰশংসাত পঞ্চমুখ হোৱাৰ লগতে কাৰবি আংলঙবাসীৰ সৰলতাৰ ভূয়সী প্ৰশংসা কৰে সাহিত্য একাডেমীৰ নৰ্থ ইষ্ট চেণ্টাৰ ফৰ অৰেল লিটাৰেছাৰৰ সঞ্চালক চন্দ্ৰকান্ত মুৰাছিঙে ৷
যোৱা ২০ জানুৱাৰী পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কাৰবি আংলং জিলাৰ লংনিট বজাৰৰ কুৰ্ণা তাৰ’ খেল পথাৰত চলি থকা কাৰবি লাম্মেত আমেই (কাৰবি সাহিত্য সভাৰ ) ২৮ সংখ্যক অধিবেশনত মুখ্য অতিথি হিচাপে উৰস্থিত থাকি মুৰাছিঙে সৰ্বভাৰতীয় পৰ্যায়ত উত্তৰ পূববাসীৰ ভালেকেইটা গুৰুত্বপূৰ্ণ বিষয়ত আলোকপাত কৰে সঞ্চালকগৰাকীয়ে ৷ সৰলতাই উত্তৰ পূববাসীৰ মূল সম্পদ বুলিও মন্তব্য কৰে ৷

‘আৰ্লেং ‘মানে মানুহ কাৰবি সকলে নিজকে আৰ্লেং বুলি পৰিচয় দিয়াৰ দৰে ত্ৰিপুৰী সকলে নিজকে ‘ক’ক বৰ’ক’ বুলি পৰিচয় দিয়ে ‘ক’ক বৰ’ক’ মানে মানুহ, দুয়োটাৰে সামঞ্জস্য আছে ই গৌৰৱৰ বিষয় যদিও কবি গুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ত্ৰিপুৰা ভ্ৰমণৰ উদ্ধৃতি দি কয়যে কবি গুৰুজনাই ভ্ৰমণ কালত ত্ৰিপুৰী সকলৰ ‘ক’ক বৰ’ক’ ৰ কথা একোৱেই নিলিখাৰ বাবে ‘ক’ক বৰ’কে বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত নহ’ল বুলি আক্ষেপ প্ৰকাশ কৰে ৷ উত্তৰ- পূববাসীৰ সৰলতাৰ সুযোগ আন এচামে লোৱাৰ বাবে উত্তৰ- পূববাসীৰ ভাষা আৰু পৰিচয় সংকটৰ গৰাহত ৷

ত্ৰিপুৰাত ত্ৰিপুৰী সকলৰ ভাষা বাংলা ভাষাৰ গ্ৰাসত থকাৰ দৰে অসমতো অনুৰূপ পৰিস্থিতি উদ্ভৱ হোৱাৰ উপক্ৰম হৈছে ৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰচেষ্টা অব্যাহত আছে বুলি মন্তব্য কৰে মুৰাছিঙে ৷ হুকুৰছিং ৰংপিৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত খিলঞ্জীয়া জনজাতীয় সাহিত্যৰ উপসভাপতি মহন্ত লাংথাছাই ভাষণ প্ৰদান কৰি সভাই ৮ টাকৈ জনজাতি সাহিত্যৰ উত্তৰণৰ বাবে কাম কৰা বুলি কয় ৷অসম চৰকাৰে জনগোষ্ঠীয় সাহিত্য সভালৈ আগবঢ়োৱা আৰ্থিক অনুদানৰ বাবে শলাগ লয় ৷ সভাই ৮ জনজাতিৰ অভিধান প্ৰকাশৰ কাম কৰি থকা বুলি কয় ৷
গৌৰৱোজ্জল ৰূপালী জয়ন্তী বৰ্ষ ইতিমধ্যে গৰকা কাৰবি লাম্মেত আমেইৰ নিজস্ব এটুকুৰা ভূমি নথকাৰ বিষয়ে আক্ষেপ কৰে অসম সাহিত্য সভাৰ প্ৰাক্ত সভাপতি ,পদ্মশী ৰংবং তেৰাঙে ৷ সাংবাদিকৰে সাক্ষাতত ৰংবং তেৰাঙৰ এই প্ৰতিক্ৰিয়াৰ বিষয়ে জানিবলৈ দিয়ে কাৰবি লাম্মেত আমেইৰ সাধাৰণ সম্পাদক কামছিং হাঞ্ছেই ৷ ইয়াৰ পূৰ্বে আজি পুৱাৰ ভাগত গ্ৰন্থ প্ৰণয়ণ আৰু প্ৰকাশনৰ সন্দৰ্ভত এখনি মনোজ্ঞ আলোচনাচক্ৰ অনুষ্ঠিত হয় ৷নিশাৰ ভাগত বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীৰে আজি তৃতীয় দিনৰ কাৰ্যসূচীৰ সফল সামৰণি পৰে ৷












