
শেহতীয়াভাৱে গুৱাহাটীৰ দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণ (Construction of Dighalipukhuri-Nunmati flyover)ক লৈ এক বিতৰ্কৰ উদ্ভৱ হৈছে। উৰণ সেতু নিৰ্মাণৰ নামত দীঘলীপুখুৰীৰ পাৰৰ শতিকা পুৰণি গছ (Old trees)সমূহ কাটিবলৈ চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে। বিগত প্ৰায় এসপ্তাহ ধৰি দীঘলীপুখুৰী পাৰৰ এই গছসমূহ ৰক্ষাৰ বাবে চলি আছে প্ৰতিবাদী আন্দোলন। ইতিমধ্যে এই বিষয়টো গৈ আদালতৰ মজিয়াও পাইছে। এই প্ৰসংগত মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে (Gauhati High Court) ৰাজ্য চৰকাৰলৈ এক নিৰ্দেশনা জাৰি কৰে। দীঘলীপুখুৰী পাৰৰ প্ৰায় ৭০ ডাল গছকটা বিষয়ত ১১ নৱেম্বৰৰ ভিতৰত লৈ চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

উল্লেখ্য যে ৰিজাৰ্ভ বেংকৰ পৰা নুনমাটিলৈ নিৰ্মাণৰত উৰণ সেতুখনক লৈ ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়া আৰু বিতৰ্কৰ সৃষ্টি হৈছে।
আনহাতে, দীঘলীপুখুৰী পাৰৰ গছ কটাৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰা হৈছিল। এই আবেদনৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰলৈ জাননী জাৰি কৰে। অহা ১৩ নবেম্বৰত গোচৰটোৰ পুনৰ শুনানি গ্ৰহণ কৰা হ’ব।













