ASSAM TIMES POST
ডিফুঃ প্ৰতিবছৰৰ দৰে এই বছৰো ২১ জানুৱাৰী দিনটো ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ অধীনত ডিফুতো অগ্নি আৰু জৰুৰীকালীন সেৱা বিভাগৰ সজাগতা সভা আৰু মগড্ৰীল কাৰ্যসূচী গ্ৰহণ কৰা হয়৷
এইলৈ ডিফু অগ্নিনিৰ্বাপক বাহিনীৰ ভাৰপ্ৰাপ্ত বিষয়া জয়ন্ত ৰংপীৰ নেতৃত্বত ডিফু শংকৰদেৱ শিশু বিদ্যা নিকেতন প্ৰাংগণত অগ্নি আৰু জৰুৰীকালীন সেৱাৰ উদ্যোগত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অগ্নিকাণ্ড সংঘটিত হলে কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব পাৰি লগতে, জুই নুমুৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন দিশত প্ৰশিক্ষণ দিয়ে৷
ইয়াৰোপৰি অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী নহালৈকে জুই নুমোৱাৰ বাবে লব লগা প্ৰাথমিক সতৰ্কতা সন্দৰ্ভত বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতা সৃষ্টি কৰে৷ আনহাতে এই সজাগতা কাৰ্যসূচীৰ অন্তৰ্গত প্ৰতিবছৰে ভিন ভিন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এনে কাৰ্যসূচী গ্ৰহণ কৰি আহিছে বুলি ভাৰপ্ৰাপ্ত বিষয়া জয়ন্ত ৰংপিয়ে সাংবাদিকক জানিবলৈ দিছে৷ সজাগতা কাৰ্যসূচীত অগ্নি আৰু জৰুৰীকালীন বাহিনীয়ে এম্বুলেন্স জুই নুমুৱা গেছ, ষ্ট্ৰেছাৰ আদি ব্যৱহাৰ কৰা পৰিলক্ষিত হয়৷