
সমগ্ৰ দেশতে বিগত কিছুদিন ধৰি চলি আছে বিমানত বোমাতংক। কেৱল বিমানেই নহয়, হোটেল আৰু ৰে’লতো বোমা থকাৰ ভাবুকি প্ৰেৰণ কৰা হৈছে। তাৰ মাজতে এইবাৰ বোমাতংকৰ সৃষ্টি হয় গুৱাহাটী (Guwahati)ৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰ (Lokpriya Gopinath Bordoloi International Airport)ত।

বিমান পৰিবহণ সংস্থা ইণ্ডিগ’ৰ বিমানত বোমা (IndiGo plane bombed) থকা বুলি দুষ্কৃতিকাৰীৰ ফোন (miscreant’s phone) কৰে। গুৱাহাটীৰ পৰা পৰা চেন্নাইগামী 6E 119 নম্বৰৰ ইণ্ডিগ’ বিমানখনত বোমা থকা বুলি দুষ্কৃতিকাৰীয়ে ফোন কৰে। এই ফোন অহাৰ পিছতে বিমানবন্দৰৰ নিৰাপত্তাত নিয়োজিত চি আই এছ এফ বাহিনীয়ে বিমানখনত তন্নতন্নকৈ তালাচী চলায়। আনহাতে, বিমানখনত যাত্ৰীসকলক উঠাত বাধা দিয়ে নিৰাপত্তাৰক্ষীয়ে। উল্লেখযোগ্য যে বিমানখন বিয়লি ৪ বজাত গুৱাহাটীৰ পৰা চেন্নাইলৈ উৰা মৰাৰ কথা আছিল। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই বিমানবন্দৰ কৰ্তৃপক্ষ তথা বিমান পৰিবহণ সংস্থা ইণ্ডিগ’ৱে।













