ASSAM TIMES POST
বিশেষ প্ৰতিবেদন
৯০ বছৰীয়া মাতৃৰ সৈতে হাঁহি-ধেমালিৰে কথা-বাৰ্তা নিজৰ জীয়ৰীৰ। বৃদ্ধা মাতৃয়ে এতিয়া ভালদৰে খোজকাঢ়িব নোৱাৰে। চকুৰ দৃষ্টিও এতিয়া পূৰ্বতকৈ যথেষ্ট কমি গৈছে।
মাতৃৰ কি কৰিবলৈ ভাল লাগে, ৯০ বছৰ পাৰ কৰাৰ পিছত জীৱনটোক কেনেদৰে চায়, এইবোৰ কথাই জীয়ৰে পাতে মাতৃৰ লগত। কথা প্ৰসংগত জীয়ৰে কয়, তেওঁৰ জীৱনত কোনো আক্ষেপ নাই।

কিছু সময় মনে মনে থকাৰ পিছত মাতৃয়ে মূৰ জোকাৰি জনায়, জীৱনত তেওঁ কেতিয়াও উপাৰ্জন কৰিব পৰা নাই। সেই দিনৰ কথা-বাৰ্তা মাতৃৰ লগত সিমানতে সমাপ্ত হয়। কিন্তু জীয়ৰীৰ বাবে সেয়া শেষ নাছিল। বৰং তেওঁৰ বাবে আছিল এক নতুনজীৱন আৰম্ভ কৰা প্ৰেৰণা।
হয়, ইয়াত যিগৰাকী বৃদ্ধাৰ প্ৰসংগ উল্লেখ কৰা হৈছে, তেওঁ হ’ল চণ্ডীগড়ৰ বাসিন্দা। নাম তেওঁৰ হৰভজন কৌৰ। আৰু তেওঁৰ জীয়ৰী হ’ল ৰবিনা। জীয়ৰীৰ লগতে থাকে তেওঁ। জী-জোঁৱাই-নাতিনীক লৈয়ে এতিয়া তেওঁৰ পৰিয়াল।

মাকৰ আক্ষেপৰ কথা জনাৰ পিছৰ পৰাই ৰবিনাই স্থিৰ কৰিছিল মাকৰ বাবে কিবা কৰিব লাগিব। আবেলি তেওঁ লক্ষ্য কৰে, ঘৰৰ সকলোৱে তেওঁৰ ৰন্ধা-বঢ়াৰ বিৰাট প্ৰশংসা কৰে।
ঘৰত যিকোনো উত্সৱ বা অনুষ্ঠানত দোকানৰ পৰা কেতিয়াও মিঠাই অনা নহয়। ঘৰতেই সকলোৰে বাবে মিঠাই বনায় তেওঁ। নানা প্ৰকাৰৰ সুস্বাদু আচাৰো বনায় তেওঁ।
সেই সময়ত মাক যথেষ্ট লাজকুৰীয়া আছিল। তেওঁৰ ৰন্ধন প্ৰকৰণ খাই অতিথিসকলে কৰে প্ৰশংসা, কিন্তু মাকে লাজত কেতিয়াও তেওঁলোকৰ সন্মুখলৈ নাহে। দিনৰ বেছিভাগ সময় তেওঁ পাকঘৰতে কটায়।

আজিৰ পৰা চাৰি বছৰ পূৰ্বে ৰবিনাই মাকৰ সন্মুখত ৰাখে ষ্টাৰ্ট-আপ আৰম্ভ কৰাৰ প্ৰস্তাৱ। এই বয়সত ব্যৱসায়! প্ৰথমতে ভাবিবই পৰা নাছিল হৰভজন কৌৰে।
পিছত নাতিনী আৰু জীয়ৰী ৰবিনাৰ জোৰজুলুমত তেওঁ ৯০ বছৰ বয়সত নিজৰ ব্যৱসায় আৰম্ভ কৰে। প্ৰথমতে বেচনৰ বৰফি আৰু বিভিন্ন ধৰণৰ আচাৰ তৈয়াৰ কৰি ওচৰৰ এখন অৰ্গেনিক বজাৰত গৈ বিক্ৰী কৰে।

প্ৰথমদিনাই সকলো বিক্ৰী হৈ যায়। ঘৰ সোমাইছিল হাতত ২০০০ টকা লৈ। সেয়াই আছিল তেওঁৰ প্ৰথম উপাৰ্জন। জীয়ৰী ৰবিনাই জনায়, এই প্ৰথম মাকৰ চকু-মুখত দেখিবলৈ পায় ভৰপূৰ আত্মবিশ্বাস। তাৰ পিছৰ পৰা আৰু জীয়ৰী তথা নাতিনীয়েকে জোৰ কৰিবলগা হোৱা নাই। নিজেই গ্ৰাহকৰ পৰা অৰ্ডাৰ লয়, বেচনৰ বৰফি প্ৰস্তুত কৰি দোকানলৈ পঠিয়াই দিয়ে। নাতিনীয়ে তাৰ পেকিঙৰ কাম কৰে।

বৰ্তমান হৰভজন কৌৰৰ বয়স ৯৪ বছৰ। বিগত চাৰি বছৰ ধৰি একেই উদ্যমেৰে ব্যৱসায় চলাই গৈছে তেওঁ। তেওঁৰ এক কেজি বেচনৰ বৰফিৰ দাম বৰ্তমান ৮৫০ টকা।
মিঠাইৰ পেকেটৰ টেগ লাইন- ‘হৰভজনছ… বচপন য়াদ আ জায়ে’। এই চাৰি বছৰত মুঠ ৫০০ কেজি বৰফি বিক্ৰী কৰিছে তেওঁ। নাতিনীৰ বিয়াতো নিজ হাতে প্ৰস্তুত কৰা মিঠাইৰে অতিথিক আপ্যায়িত কৰিছে।

ইমান দিনে সকলো অকলেই কৰিছিল। এতিয়া কৰ্মচাৰী নিয়োগ কৰি তেওঁৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিব বিচাৰে জীয়ৰী ৰবিনাই।













