
দীপাৱলীৰ প্ৰথম দিনাই গুৱাহাটীত অঘটন (Guwahati Accident)। খানাপাৰাত সংঘটিত হোৱা এক দুৰ্ঘটনাত মৃত্যু দুই যুৱক- যুৱতীৰ। হোটেল ভিভান্টাৰ সন্মুখত দুখন স্কৰপিঅ’ বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।

থিতাতে নিহত দুগৰাকী ব্যক্তিৰ পৰিৱৰ্তে আন এগৰাকী যুৱতীক সংকটজনক অৱস্থা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়। প্ৰত্যক্ষদৰ্শীৰ মতে, হোটেল ভিভান্টাৰ সন্মুখত ইউ টাৰ্ণ লোৱাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।
দুখন স্কৰপিঅ বাহনৰ মাজত সংঘটিত হোৱা এই দুৰ্ঘটনাৰ পাছতে আৰক্ষী উপস্থিত হৈ পৰিস্থিতি চম্ভালি লয়। দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন উদ্ধাৰ কৰি বৰ্তমান ৰখা হৈছে দিছপুৰ থানাত ৰখা হৈছে।













