
এক দেশ এক ভোটৰ বাৰ্তা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কণ্ঠত আকৌ এবাৰ শুনা গ’ল। এক দেশ এক ভোট বা নিৰ্বাচন (One nation one vote or election) হৈছে এক দেশ এক নাগৰিক সংহিতা, এক দেশ এক স্বাস্থ্য বীমা, এক দেশ এক কৰ গাঁথনি, এক দেশ এক পৰিচয়-পত্ৰৰ দৰে কেন্দ্ৰীয় চৰকাৰে পৰিৱৰ্তন কৰিব বিচৰা এক ব্যৱস্থা। চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মদিন অৰ্থাৎ ৰাষ্ট্ৰীয় একতা দিৱসত গুজৰাটৰ ষ্টেচু অব ইউনিটীৰ সন্মুখত থিয় হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেন্দ্ৰত বিজেপি চৰকাৰৰ ভৱিষ্যতৰ লক্ষ্য নিৰ্ধাৰণ কৰে।

ৰাষ্ট্ৰীয় একতা দিৱস (National Unity Day)ত ভাষণ দি মোডী (Modi) কয়, “আমি এতিয়া এক দেশ এক নিৰ্বাচনৰ দিশত আগবাঢ়িছো। ই আমাৰ গণতন্ত্ৰক শক্তিশালী কৰিব। ই এখন উন্নত ভাৰতৰ সপোনক নতুন গতি প্ৰদান কৰিব।” তেওঁ লগতে কয়, “অনাগত দিনত দেশে এক দেৱানী সংহিতাৰ দিশে আগবাঢ়িছে। আৰু সেয়া হ’ব ধৰ্মনিৰপেক্ষ নাগৰিক সংহিতা।”
প্ৰধানমন্ত্ৰীয়ে দাবী কৰে যে কাশ্মীৰৰ ৩৭০ অনুচ্ছেদ বাতিল কৰি তেওঁৰ চৰকাৰে ইতিমধ্যে সমগ্ৰ দেশক একেখন সংবিধানৰ অধীনলৈ আনিবলৈ সক্ষম হৈছে। জি এছ টি প্ৰৱৰ্তনৰ ফলত এক দেশ এক কৰ গাঁথনি প্ৰৱৰ্তন সম্ভৱ হৈ উঠিছে।
ইতিমধ্যে আধাৰ কাৰ্ডৰ ওপৰত গুৰুত্ব দিয়া হৈছে বুলি দাবী কৰে প্ৰধানমন্ত্ৰীয়ে। এক দেশ এক পৰিচয়-পত্ৰ প্ৰৱৰ্তনৰ উদ্দেশ্যেও কাম কৰা হৈছে। অৱশ্যে এক দেশ, এক ভোট যে অতি সোনকালে দেশত কাৰ্যকৰী হ’বলৈ গৈ আছে সেয়া অতি স্পষ্ট।











