
আজি সমগ্ৰ দেশজুৰি উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় একতা দিৱস (National Unity Day)। অৱশ্যে ৩১ অক্টোবৰত দেশত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন কৰা হয় যদিও এইবাৰ দীপাৱলীৰ পৰিপ্ৰেক্ষিতত দুদিন পূৰ্বে এই দিৱসটো উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ আহ্বানত ২৯ অক্টোবৰত এইবাৰ ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন কৰা হৈছে।

লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকী উপলক্ষে প্ৰতিবছৰে ৩১ অক্টোবৰৰ ৩১ দিনটো ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে উদযাপন কৰা হয়। চৰ্দাৰ বল্লভভাই পেটেল দেশৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী আৰু প্ৰথম কেন্দ্ৰীয় গৃহমন্ত্ৰী আছিল।
১৯৪৭ চনৰ পৰা ১৯৫০ চনলৈ তেওঁ গৃহমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। স্বাধীনতা আন্দোলনৰ এগৰাকী গুৰুত্বপূৰ্ণ নেতা বল্লভভাই পেটেলে দেশৰ একতা আৰু সংহতিৰ বাবেও যথেষ্ট অৱদান আগবঢ়াই গৈছে। ইফালে সমগ্ৰ দেশৰ লগতে মহানগৰীৰ সৰুসজাইতো ৰাষ্ট্ৰীয় একতা দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হয় একতাৰ বাবে দৌৰ কাৰ্যসূচী।
কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰণালয়ৰ উদ্যোগত আৰু অসম চৰকাৰৰ সহযোগত আয়োজন কৰা ‘একতাৰ দৌৰ’ কাৰ্যসূচীৰ ফ্লেগ-অফ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিকে ধৰি বহুকেইগৰাকী ব্যক্তি।













