ASSAM TIMES POST
নিউজ ডেস্ক
সংশোধিত নাগৰিকত্ব আইন (চিএএ)ক লৈ দেশজুৰি আন্দোলন অব্যাহত আছে। তাৰ মাজতেই চিএএ-ৰ বিৰুদ্ধে আজি মুঠ ১৪৪টা গোচৰৰ শুনানি আৰম্ভ হৈছে ছুপ্রিম কোর্টত। প্রধান ন্যায়াধীশ এছএ বোবডেৰ নেতৃত্বাধীন তিনিজনীয়া ন্যায়াধীশৰ বেঞ্চত চলিছে শুনানি। এতিয়া শীর্ষ আদালতৰ এই শুনানি কোন দিশে মোৰ লয় তাতেই দৃষ্টি নিবদ্ধ সমগ্ৰ দেশবাসীৰ।
উল্লেখ্য যে নাগৰিকত্ব আইনক প্ৰত্যাহ্বান জনাই লেখ আবেদন কৰিছে বহুকেইটা ৰাজনৈতিক দলে। ইয়াৰ ভিচৰত আছে কংগ্রেছ, চিপিআই, চিপিএম, ডিএমকে, ইণ্ডিয়ান ইউনিয়ন মুছলিম লিগ আৰু এআইএমআইএমৰ দৰে দলো। আবেদনকাৰীসকলৰ সকলোৰে দাবী, এই আইন সংবিধানবিৰোধী।
চিএএ-ৰ বিৰুদ্ধে যেনেদৰে শীর্ষ আদালতত আবেদন কৰা হৈছে, তেনেদৰে এই আইনক ‘সাংবিধানিক’ ঘোষণাৰ দাবীতো ওলোটাই আবেদন কৰা হৈছে। এনে এটি গোচৰত, বিগত ৯ জানুৱাৰীত ছুপ্রিম কোর্টে জনাই দিয়ে যে এতিয়াই এই গোচৰ শুনা সম্ভৱ নহয়। কাৰণ, ন্যায়াধীশসকলৰ যুক্তি, ‘‘দেশ এতিয়া কঠিন সময়ৰ মাজেৰে অতিবাহিত কৰিছে।’’ এই আবেদন প্রসঙ্গত শীর্ষ আদালতে এনেদৰেও কয, ‘‘আদালতৰ কাম আইনৰ বৈধতা বিচাৰ কৰা। আইন সাংবিধানিক হয় নে নহয় তাক দেখা কাম নহয়।’’
উল্লেখ্য যে এই আইনৰ বিৰোধিতাৰে অসমৰ পৰাও আছু, এজেৱাইচিপিকে ধৰি বিভিন্ন দল-সংগঠন তথা ৰাজনৈতিক দলে ছুপ্ৰিম কোৰ্টত গোচৰ ৰুজু কৰিছে। কেৱল ছুপ্রিম কোর্টতেই নহয়, দেশৰ বিভিন্ন হাইকোর্টতো ছিএএ-ক লৈ বহু গোচৰ ৰুজু হৈছে। সকলো গোচৰৰ একেলগে শুনানিৰ বাবে, সেইসমূহ হাইকোর্টৰ পৰা শীর্ষ আদালতলৈ লৈ অহাৰ বাবে আবেদন কৰে কেন্দ্রীয় চৰকাৰে।













