যদি ৫ কোটি নিদিয়ে তেন্তে ছলমান খানৰ (Threat to Salman Khan) অৱস্থাও বাবা ছিদ্দিকীৰ দৰে হ’ব (Will be like Baba siddiki)। এই ভাবুকি আহিল মুম্বাই আৰক্ষীলৈ (Threat came to Mumbai Police)। এই ভাবুকি লাভ কৰাৰ পিছতে জোকাৰণি উঠিছে মুম্বাই আৰক্ষীত। এই ভাবুকি কোনে পঠিয়াইছে, ইয়াৰ আঁৰত লৰেন্স বিষ্ণয় গোট আছে নেকি সেই সন্দৰ্ভত তদন্ত কৰি থকাৰ লগতে আৰক্ষীয়ে বলীউডৰ তাৰকাগৰাকীৰ নিৰাপত্তাও কটকটীয়া কৰিছে।
সংবাদ সংস্থা এএনআইৰ মতে, বৃহস্পতিবাৰে মুম্বাই যান-বাহন আৰক্ষীৰ হোৱাটছএপ নম্বৰলৈ প্ৰেৰণ কৰা হয় এই ভাবুকি বাৰ্তা। তাত লিখা আছে, “ছালমান খানৰ ভাগ্য বাবা ছিদ্দিকীতকৈও বেয়া হ’ব। এই কথাটো সহজভাৱে ল’ব নালাগে। যদি ছলমান খানে জীয়াই থাকিব বিচাৰে আৰু লৰেন্স বিষ্ণয়ৰ সৈতে শত্ৰুতা শেষ কৰিব বিচাৰে তেন্তে ৫ কোটি টকা দিব লাগিব।” এই বাৰ্তাটোত লগতে সকীয়াই দিয়া হৈছে যে যদিহে ধন নিদিয়ে তেন্তে ছলমান খানৰ অৱস্থা বাবা ছিদ্দিকীতকৈও বেয়া হ’ব।
উল্লেখ্য যে ছলমানৰ বিৰুদ্ধে কৃষ্ণসাৰ হৰিণ হত্যাৰ অভিযোগ। উক্ত ঘটনাৰ প্ৰতিশোধ হিচাপে বিষ্ণয় দলে তেওঁক কেইবাবাৰো হত্যাৰ ভাবুকি দিছিল। কিছু মাহ পূৰ্বে বলীউডৰ তাৰকাগৰাকীৰ ঘৰৰ সন্মুখত কেইবাটাও গুলী চলোৱাৰ অভিযোগ উত্থাপন হয়। প্ৰথমতে জনা যায় যে এই ঘটনাৰ আঁৰত বিষ্ণয় গোট জড়িত আছিল। আনহাতে, যোৱা ১২ অক্টোবৰত মুম্বাইৰ সমীপৰ বান্দ্ৰাত বিধায়ক পুত্ৰ জিষাণ ছিদ্দিকীৰ কাৰ্যালয়ৰ বাহিৰত গুলীয়াই হত্যা কৰে এন চি পি নেতা বাবাক। এই ঘটনাত চাৰিজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।