ASSAM TIMES POST
নিউজ ডেস্ক
বহু প্ৰতীক্ষিত দিল্লীৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন। ইতিমধ্যে আকৰ্ষণীয় হৈ পৰিছে দিল্লীৰ ৰাজনৈতিক যুঁজৰ ৰণাংগনখন। তাৰ মাজতে আজি দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিপক্ষে প্ৰাৰ্থী ঘোষণা কৰে বিজেপি আৰু কংগ্ৰেছে।
বৰ্তমানৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিপক্ষে বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰে সুনীল যাদৱক। সুনাল যাদৱ হৈছে দিল্লী বিজেপিৰ যুৱ মর্চাৰ সভাপতি। আনহাতে, কেজৰিৱালৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে ৰমেশ ছৱৰৱালাৰ নাম।
উল্লেখ্য যে ৭০খন আসনৰ দিল্লী বিধানসভাৰ নিৰ্বাচন অহা ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব আৰু ফলাফল ঘোষণা হ’ব ১১ ফেব্ৰুৱাৰীত। আনহাতে, মুখ্য মন্ত্ৰী কেজৰিৱালে আজি দাখিল কৰে নিজৰ মনোনয়ন-পত্ৰ। সোমবাৰে কেজৰিৱালে মনোনয়ন দাখিল কৰাৰ কথা আছিল যদিও তেওঁৰ সমৰ্থকৰ বিশাল সমদলৰ বাবে সময়মতে উপস্থিত হ’ব নোৱাৰাত মনোনয়ন-পত্ৰ দাখিল কৰিব নোৱাৰে।













