ASSAM TIMES POST
বিশেষ প্ৰতিবেদক
কাইলৈ ২২ জানুৱাৰী তাৰিখটোলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে অসমৰ লগতে সমগ্ৰ দেশৰ জনগণ। কিয়নো নাগৰিকত্ব সংশোধনী আইন, ২০১৯ৰ স্থগিতাদেশ সন্দৰ্ভত বুধবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব গুৰুত্বপূৰ্ণ শুনানি। এই শুনানিৰ দিনটোতে উত্তৰ-পূৰ্বাঞ্চলৰ বিশ্ববিদ্যালয় ছাত্ৰ সমাজে গ্ৰহণ কৰিছে এক প্ৰতিবাদী কাৰ্যসূচী। এই কাৰ্যসূচী অনুযায়ী বুধবাৰে তেওঁলোকে উত্তৰ-পূৰ্বাঞ্চলৰ সকলো মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় সম্পূৰ্ণ বন্ধৰ আহ্বান জনাইছে।
আনহাতে, ছাত্ৰ সমাজে উচ্চতম ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰকাশ কৰি শুনানি সন্দৰ্ভত আশা ব্যক্ত কৰি কয় যে অসাংবিধানিক তথা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন আৰু উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনসাধাৰণ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়টো গুৰুত্বসহকাৰে নিৰীক্ষণ কৰিব।
উল্লেখ্য যে বন্ধ ঘোষণা কৰা উত্তৰ-পূৰ্বাঞ্চলৰ বিশ্ববিদ্যালয়সমূহৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, নৰ্থ-ইষ্টাৰ্ণ হিলছ ইউনিভাৰ্ছিটী, তেজপুৰ বিশ্ববিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়, অসম মহিলা বিশ্ববিদ্যালয়, ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়, নাগালেণ্ড বিশ্ববিদ্যালয় অন্যতম।













