ASSAM TIMES POST
বিশেষ প্ৰতিবেদক
দেশ তথা অসমৰ নাগৰিকত্ব সংশোধনী আইনবিৰোধীসকলৰ বাবে বুধবাৰটো এটা অতি গুৰুত্বপূৰ্ণ দিন। কিয়নো এই আইনখনক প্ৰত্যাহ্বান জনাই অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যি ৫৯খন লেখ আবেদন কৰা হৈছিল, তাৰ ওপৰত কাইলৈ দিব উচ্চতম ন্যায়ালয়ে শুনানি। নাগৰিকত্ব সংশোধনী আইন, ২০১৯ৰ স্থগিতাদেশৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বাধীন গঠিত তিনিজনীয়া বিচাৰকৰ বিশেষ বিচাৰপীঠে আগবঢ়াব এই গুৰুত্বপূৰ্ণ শুনানি।
উল্লেখ্য যে অসমৰ লগতে দেশবাসীৰ প্ৰবল প্ৰতিবাদৰ মাজতে বিজেপি চৰকাৰে বলপূৰ্বকভাৱে জাপি দিয়া আইনখনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল হোৱা মুঠ ৫৯খন লেখ আবেদনৰ ভিতৰত আছে অসমৰ বিভিন্ন দল-সংগঠনৰ ২৯খন আবেদন।
এই শুনানিৰ দিনটোতে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে গ্ৰহণ কৰিব গণ অনশন কাৰ্যসূচী। কটনৰ চৌহদত পুৱা ১০ বজাৰ পৰা অৰ্থাৎ উচ্চতম ন্যায়ালয়ৰ কাম-কাজ আৰম্ভ হোৱা সময়ৰ পৰা কাম-কাজ বন্ধ হোৱা সময়লৈকে, আবেলি ৫ বজালৈ গণ অনশন পালন কৰিব কটনিয়ানে। এই কথা জানিবলৈ দিছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰাহুল বৰদলৈয়ে। অনশন কাৰ্যসূচীত সাধাৰণ নাগৰিককো অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।













